নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলে দেওবাৰে কলম্বোত অনুষ্ঠিত হ’বলগীয়া মহিলা ট্ৰাই ছিৰিজৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। এই শৃংখলাটো চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ, য’ত বলিং কম্বিনেচন পৰীক্ষা কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব। এই মুহূৰ্তত বেটিং বিভাগটো যথেষ্ট সুষম আৰু শক্তিশালী দেখা গৈছে। এই শৃংখলাৰ তৃতীয়টো দল হৈছে দক্ষিণ আফ্ৰিকাৰ।
বৰ্তমান ভাৰতীয় দলটোৱে দ্ৰুত বলিং সম্পদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ৰেণুকা সিং, পূজা বষ্ট্ৰকাৰ আৰু তিতাছ সাধু আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলটো অৰুন্ধতী ৰেড্ডী আৰু অলৰাউণ্ডাৰ অমনজোত কৌৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। পেচাৰৰ বাবে সীমিত বিকল্প থকাৰ বাবে অধিনায়ক হৰমনপ্ৰীত কৌৰে যুৱ পেচাৰ কাশৱী গৌতমকো চেষ্টা কৰিব বিচাৰিব।
শেহতীয়াকৈ কাশৱীয়ে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত গুজৰাট জায়েন্টছৰ হৈ ষ্টেলাৰ ছিজন লাভ কৰিছিল, য’ত তেওঁ ৬.৪৫ ইকনমি ৰেটত ৯খন মেচত ১১টা উইকেট দখল কৰিছিল। তেওঁৰ এই ফৰ্ম ভাৰতীয় দলৰ বাবে এক উৎসাহজনক লক্ষণ।
প্ৰেমদাছা ষ্টেডিয়ামৰ লেহেমীয়া পিটচৰ কথা বিবেচনা কৰিলে ভাৰতীয় দলটোৱে নিজৰ স্পিনাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ছিনিয়ৰ অফ স্পিনাৰ দীপ্তি শৰ্মা আৰু স্নেহ ৰানাৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ বাওঁহাতৰ স্পিনাৰ শ্ৰী চৰণীয়েও ৫০ অভাৰৰ ভিতৰত ৩০টালৈকে বল কৰিব পাৰে। অল ৰাউণ্ডাৰ অমনজোত কৌৰেও প্ৰয়োজন হ’লে অফ ব্ৰেকৰ জৰিয়তে বলিং আক্ৰমণত বৈচিত্ৰ্য যোগ কৰিব পাৰে।
দলটোৰ বেটিং ইউনিটত আছে অধিনায়ক হৰমনপ্ৰীত কৌৰ, উপ-অধিনায়ক স্মৃতি মান্ধনা, পাৱাৰ হিটাৰ ৰিচা ঘোষ, নিৰ্ভৰযোগ্য জেমিমাহ ৰড্ৰিগেছ আৰু হৰলিন দেউলে, যিয়ে দলটোক স্থিৰতা আৰু আক্ৰমণাত্মকতা দুয়োটাকে প্ৰদান কৰে। যদিও শ্বাফলী ভাৰ্মাক পুনৰবাৰ নিৰ্বাচকসকলে উপেক্ষা কৰিলেও দীপ্তী শৰ্মা আৰু অমনজোত কৌৰৰ সৰ্বাংগীন ক্ষমতাই ভাৰতক গভীৰতা প্ৰদান কৰে। সঠিক দিনত ভাৰতীয় দলে যিকোনো প্ৰতিদ্বন্দ্বীক সহজেই পৰাস্ত কৰিব পাৰে।
আয়োজক শ্ৰীলংকাই ছিৰিজৰ বাবে ছটা পৰিৱৰ্তন সাধন কৰিছে, য’ত চাৰিজন আনকেপড খেলুৱৈও আছে। অভিজ্ঞ বাওঁহাতৰ স্পিনাৰ ইনোকা ৰানাৱীৰাৰ প্ৰত্যাৱৰ্তনে দলটোক শক্তিশালী কৰি তুলিছে। তেওঁৰ লগতে ভাৰতীয় বেটছমেনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে সুগন্ধিকা কুমাৰী, ইনোছি প্ৰিয়াদৰ্শিনী আৰু কবিছা দিলহাৰীৰ দৰে আন স্পিনাৰ।
ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে যোৱা ছখন এদিনীয়া মেচত জয়লাভ কৰি এই ত্ৰিকোণীয় শৃংখলাত প্ৰৱেশ কৰিছে। এনে পৰিস্থিতিত আত্মবিশ্বাসী ভাৰতীয় মহিলা ব্ৰিগেডৰ পৰা শক্তিশালী আৰম্ভণি আশা কৰা হৈছে যাতে তেওঁলোকৰ বিশ্বকাপৰ প্ৰস্তুতিক এক সুদৃঢ় দিশ দিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া