কলকাতাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ ২৮ জনীয়া ভাৰতীয় ফুটবল দল ঘোষণা
নতুন দিল্লী, ০৭ মে’ (হি.স.)। ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক মনোলো মাৰ্কেজে ১৮ মে’ৰ পৰা কলকাতাত আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ২৮ জনীয়া সম্ভাৱ্য দলৰ কথা ঘোষণা কৰিছে। মোহন বাগান ছুপাৰ জায়েণ্টৰ যুৱ ফৰৱাৰ্ড সুহেইল আহমেদ ভাটক প্ৰথমবাৰৰ বাবে দ
কলকাতাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ ২৮ জনীয়া ভাৰতীয় ফুটবল দল ঘোষণা


নতুন দিল্লী, ০৭ মে’ (হি.স.)। ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক মনোলো মাৰ্কেজে ১৮ মে’ৰ পৰা কলকাতাত আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ২৮ জনীয়া সম্ভাৱ্য দলৰ কথা ঘোষণা কৰিছে। মোহন বাগান ছুপাৰ জায়েণ্টৰ যুৱ ফৰৱাৰ্ড সুহেইল আহমেদ ভাটক প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ১ নম্বৰৰ প্ৰাক্তন গ’লৰক্ষক গুৰপ্ৰীত সিং সন্ধুক পুনৰবাৰ বাদ পৰিছে।

গুৰপ্ৰীতৰ ওপৰত আস্থা স্তিমিত

গুৰপ্ৰীত সিং সন্ধুৱে শেষবাৰৰ বাবে ভাৰতৰ হৈ যোৱা বছৰ মালয়েছিয়াৰ বিৰুদ্ধে প্ৰীতি মেচত খেলিছিল, য’ত তেওঁৰ এটা ডাঙৰ ভুলৰ ফলত বিৰোধী দলে গ’ল লাভ কৰিছিল আৰু খেলখন ১-১ গ’লত ড্রত শেষ হৈছিল। ইয়াৰ পিছতে মালদ্বীপৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰীতি মেচত আৰু এইবাৰ বাংলাদেশৰ বিৰুদ্ধে এছিয়ান কাপৰ কোৱালিফায়াৰতো তেওঁক দলৰ পৰা আঁতৰাই ৰখা হৈছিল। তেওঁৰ ঠাইত বিশাল কৈথক গ’লপোষ্টৰ দায়িত্ব দিয়া হৈছে।

তৃতীয়বাৰৰ বাবে এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জনৰ চেষ্টা -

ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জনৰ বাবে প্ৰস্তুতি চলাইছে। তৃতীয় ৰাউণ্ডৰ কোৱালিফায়াৰত বাংলাদেশ, হংকং, চীন আৰু ছিংগাপুৰৰ সৈতে গ্ৰুপ চিত স্থান লাভ কৰিছে দলটোৱে। গ্ৰুপৰ দুয়োখন উদ্বোধনী মেচ ড্ৰ’ আছিল, যাৰ বাবে চাৰিওটা দলৰ এটাকৈ পইণ্ট আছে।

থাইলেণ্ডৰ সৈতে বন্ধুত্বপূৰ্ণ খেল, তাৰ পিছত হংকঙৰ সৈতে প্ৰধান সংঘৰ্ষ-

দলৰ প্ৰস্তুতিৰ অংশ হিচাপে ভাৰতে কলকাতাত ১০ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিব, তাৰ পিছত ৪ জুনত থাইলেণ্ডৰ বিৰুদ্ধে প্ৰীতি মেচ খেলিব। ইয়াৰ পিছত দলটোৱে ১০ জুনত হংকঙৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ কোৱালিফায়াৰ মেচ খেলিবলৈ ক’লুন চহৰৰ কাই টাক স্প’ৰ্টছ পাৰ্কলৈ ৰাওনা হ’ব।

ভাৰতৰ সম্ভাৱ্য দল-

গ’লৰক্ষকঃ হৃতিক তিৱাৰী, বিশাল কৈথ, গুৰমীত সিং চাহাল, অমৰিন্দৰ সিং।

ডিফেণ্ডাৰ : নাওৰেম ৰোশন সিং, ৰাহুল বেকে, কনশ্বাম চিংলেনসনা সিং, আনোৱাৰ আলী, থাংজাম বৰিছ সিং, সন্দেশ ঝিংগান, আশীষ ৰায়, সুভাশীষ বসু, মেহতাব সিং, টেকচাম অভিষেক সিং, নিখিল প্ৰভু।

মিডফিল্ডাৰ : সুৰেশ সিং ৱাংজাম, নাওৰেম মহেশ সিং, আয়ুষ দেৱ ছেত্ৰী, উদন্ত সিং কুমাম, লালেংমাৱিয়া ৰালটে, লিষ্টন কলাকো, আছিক কুৰুনিয়ান, ব্ৰেণ্ডন ফাৰ্নাণ্ডেছ।

ফৰৱাৰ্ড : সুনীল ছেত্ৰী, ইৰফান যাদৱ, মনবীৰ সিং, সুহাইল আহমেদ ভাট, ললিয়ানজুৱালা ছাংটে।

মুখ্য প্ৰশিক্ষক: মনোলো মাৰ্কেজ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande