২০৩১ চনৰ সংস্কৰণৰ পৰা ৪৮টা দলৰ সৈতে অনুষ্ঠিত হ’ব মহিলা ফিফা বিশ্বকাপ, ফিফাৰ অনুমোদন
নতুন দিল্লী, ১০ মে’ (হি.স.)। বিশ্বজুৰি মহিলা ফুটবলৰ প্ৰচাৰৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ফিফাই শুকুৰবাৰে ঘোষণা কৰে যে ২০৩১ চনৰ পৰা ৩২ টা দলৰ পৰিৱৰ্তে ৪৮ টা দলে মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিব। ফিফা কাউন্সিলে ভাৰ্চুৱেল বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনায়
মহিলা ফিফা বিশ্বকাপ


নতুন দিল্লী, ১০ মে’ (হি.স.)। বিশ্বজুৰি মহিলা ফুটবলৰ প্ৰচাৰৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ফিফাই শুকুৰবাৰে ঘোষণা কৰে যে ২০৩১ চনৰ পৰা ৩২ টা দলৰ পৰিৱৰ্তে ৪৮ টা দলে মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিব। ফিফা কাউন্সিলে ভাৰ্চুৱেল বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনায়।

২০৩১ চনৰ পৰা নতুন ফৰ্মেট, ১০৪খন মেচ অনুষ্ঠিত হ’ব-

ফিফাৰ তথ্য অনুসৰি ৪৮টা দলৰ এই নতুন ফৰ্মেটত ১২টা গ্ৰুপ গঠন কৰা হ’ব আৰু মুঠ খেলৰ সংখ্যা ১০৪খনলৈ বৃদ্ধি পাব যিটো পুৰুষৰ বিশ্বকাপ ২০২৬ৰ সৈতে একে। প্ৰতিযোগিতাৰ সময়সীমাও এসপ্তাহ বৃদ্ধি কৰা হ’ব। বৰ্তমান ২০২৭ চনৰ মহিলা বিশ্বকাপ ব্ৰাজিলত অনুষ্ঠিত হ’ব, য’ত ৩২ টা দলে অংশগ্ৰহণ কৰিব। ২০২৩ চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপত প্ৰথমবাৰৰ বাবে ৩২টা দলে অংশগ্ৰহণ কৰে।

ফিফাৰ সভাপতিয়ে কয় - মহিলা ফুটবলৰ সামগ্ৰিক বিকাশৰ দিশত এয়া এক পদক্ষেপ

ফিফাৰ সভাপতি জিয়ানি ইনফেন্টিনোৱে কয় যে, এয়া কেৱল ১৬টা অতিৰিক্ত দল সংযোজনৰ কথা নহয়, বৰঞ্চ মহিলা ফুটবলৰ সামগ্ৰিক উন্নয়নৰ দিশত পৰৱৰ্তী পদক্ষেপ। ইয়াৰ ফলত ফিফাৰ সদস্য দেশসমূহে মহিলা ফুটবলৰ গাঁথনি গঢ়ি তোলাৰ সুযোগ লাভ কৰিব।

২০৩১ চনৰ বিশ্বকাপৰ আয়োজক হ’ব পাৰে আমেৰিকা

কোৱা হৈছে যে ২০৩১ চনৰ মহিলা বিশ্বকাপ আয়োজন কৰা একমাত্ৰ নিবিদাকাৰী আমেৰিকা। যদি এই কথা নিশ্চিত হয়, তেন্তে এইটোৱেই হ’ব তৃতীয়বাৰৰ বাবে আমেৰিকাই এই প্ৰতিযোগিতাখন আয়োজন কৰিব। ইয়াৰ পূৰ্বে ১৯৯৯ আৰু ২০০৩ চনত এই কাম কৰিছিল। একে সময়তে কেৱল যুক্তৰাজ্যই ২০৩৫ চনৰ বিশ্বকাপ আয়োজনৰ বাবে নিবিদা কৰিছিল। অৱশ্যে দুয়োখন প্ৰতিযোগিতা আয়োজন কৰাৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।

লগতে একপক্ষীয় মেচৰ সম্ভাৱনাৰ ওপৰত স্পষ্টীকৰণ-

৪৮টা দলৰ অংশগ্ৰহণৰ বাবে একপক্ষীয় মেচৰ সম্ভাৱনাৰ বিষয়েও ইনফান্টিনোৱে স্পষ্টীকৰণ দিয়ে। তেওঁ কয়, ২০২৩ চনৰ বিশ্বকাপত দেখা গ'ল যে সকলো কনফেডাৰেচনৰ দল এতিয়া প্ৰতিযোগিতামূলক হৈ পৰিছে। প্ৰথমবাৰৰ বাবে সকলো কনফেডাৰেচনৰ দলে কমেও এখন মেচত জয়লাভ কৰে আৰু পাঁচখন কনফেডাৰেচনৰ দলে নকআউট পৰ্যায়ত উপনীত হয়।

ফিফাৰ মতে এই সিদ্ধান্তই মহিলা ফুটবলক বিশ্বজুৰি নতুন উচ্চতালৈ লৈ যোৱাত সহায় কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande