কামৰূপ(ম)ত বেলট বাকচ আৰু পলিং বিষয়াৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
গুৱাহাটী,২৬ এপ্ৰিল (হি.স.)। অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সমজিলাৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলা কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে সকলো
কামৰূপ(ম)ত বেলট বাকচ আৰু পলিং বিষয়াৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন


গুৱাহাটী,২৬ এপ্ৰিল (হি.স.)। অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সমজিলাৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলা কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে সকলো কাৰ্যসূচীৰ ৰূপায়ণ অব্যাহত ৰাখিছে ।

ইয়াৰ অংশ হিচাপে আজি মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বেলট বাকচৰ প্ৰথম আৰু পলিং বিষয়াৰ দ্বিতীয় ৰেণ্ডমাইজেশ্বন প্ৰক্ৰিয়া সম্পন্ন কৰে । আজিৰ এই ৰেণ্ডমাইজেশ্বন প্ৰক্ৰিয়াত জালুকবাৰী সমজিলাৰ নিৰ্বাচন পৰ্যবেক্ষক শুভলক্ষ্মী ডেকা, ডিমৰীয়া সমজিলাৰ নিৰ্বাচন পৰ্যবেক্ষক গৌৰীশংকৰ শৰ্মা , নিৰ্বাচন বিষয়া, চন্দ্ৰপুৰ ব্লকৰ খণ্ড উন্নয়ন বিষয়া , ডিমৰীয়া আৰু জালুকবাৰী সমজিলাৰ সহকাৰী আয়ুক্ত , বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সহিতে বিষয়া -কৰ্মীসকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande