-সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ দাবীত স্মাৰকপত্ৰ প্ৰদান
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। সাংবাদিক সুৰক্ষা আইন আৰু কেইবাটাও বিষয় লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলে আজি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ বিশেষকৈ কৰ্তব্যৰ সময়ত সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বিষয় উত্থাপন কৰা হয়৷
সাংবাদিকসকলে প্ৰত্যাহ্বানৰ মাজেৰে নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰে আৰু তেওঁলোকৰ সমস্যাসমূহক আমি গুৰুত্ব দিয়া উচিত বুলি ৰাজ্যপালগৰাকীয়ে অনুভৱ ব্যক্ত কৰে৷ ৰাজ্যপালগৰাকীৰ ইতিবাচক সঁহাৰিৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে কৃতজ্ঞতা জনায়৷ প্ৰতিনিধি দলত অংশ লয় সভাপতি সুস্মিতা গোস্বামী, উপসভাপতি যতীন ভাগৱতী আৰু সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মাই৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী