লেভেল ক্ৰছিং গেটসমূহত চিচিটিভি নিৰীক্ষণৰ সৈতে যাত্ৰী সুৰক্ষা বৃদ্ধি উত্তৰ পূব সীমান্ত ৰেলৱেৰ
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। যাত্ৰী সুৰক্ষা বৃদ্ধি আৰু বাধাহীন ৰে'ল পৰিচালন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে, উত্তৰ-পূব সীমান্ত ৰে'লৱেই উচ্চ-ক্ষমতা সম্পন্ন চিচিটিভি কেমেৰা স্থাপনৰ জৰিয়তে লেভেল ক্ৰছিং (এলচি)গেটসমূহত নিৰীক্ষণ শক্তিশালী
লেভেল ক্ৰছিং গেটসমূহত চিচিটিভি নিৰীক্ষণৰ সৈতে যাত্ৰী সুৰক্ষা বৃদ্ধি উত্তৰ পূব সীমান্ত ৰেলৱেৰ


গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। যাত্ৰী সুৰক্ষা বৃদ্ধি আৰু বাধাহীন ৰে'ল পৰিচালন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে, উত্তৰ-পূব সীমান্ত ৰে'লৱেই উচ্চ-ক্ষমতা সম্পন্ন চিচিটিভি কেমেৰা স্থাপনৰ জৰিয়তে লেভেল ক্ৰছিং (এলচি)গেটসমূহত নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। লেভেল ক্ৰছিঙত ৰেল পৰিচালনৰ সৈতে সম্পৰ্কিত বিপদাশংকা দূৰ কৰাৰ অৰ্থে, গুৰুত্বপূৰ্ণ মণ্ডল সমূহৰ ২৮ খন এলচিগেটত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।ইয়াৰ ভিতৰত আলিপুৰদুৱাৰ মণ্ডলত ০৪, লামডিং মণ্ডলত ১৭আৰুতিনিচুকীয়ামণ্ডলত ০৭টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।এই সমূহে ৰে'ল কৰ্মচাৰী সকলক গেটৰ কাম-কাজ সক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰিবলৈ আৰু যান বাহনৰ অননুমোদিত প্ৰৱেশ বা অন্যান্য বাধাৰ দৰে সম্ভাৱ্য বিপদ প্ৰতিৰোধ কৰিবলৈ সক্ষম কৰি তুলিছে।

এই পদক্ষেপটো মানৱীয় ত্ৰুটি হ্ৰাস, ক্ৰছিঙত দূৰ্ঘটনা হ্ৰাস আৰু সুৰক্ষিত, বাধাহীন ৰেল চলাচল নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিস্তৃত ব্যৱস্থাৱলীৰে এক অংশ। ক্ৰছিংসমূহত চিচিটিভি কভাৰেজে সতৰ্কতাৰ বৃদ্ধি কৰি জৰুৰী কালীন সঁহাৰি দ্ৰুত কৰে আৰু ডাটা চালিত সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায়ক হয়।ইয়াৰ উপৰিও, কাটিহাৰ, আলিপুৰ দুৱাৰ, লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ ৰে'লৱে সুৰক্ষা বাহিনী পোষ্টসমূহত ০৯ টা ইণ্টাৰনেট প্ৰটোকল আধাৰিত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।তদুপৰি, দূৰৱৰ্তী চিগনেলিং স্থানত নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে আলিপুৰদুৱাৰ মণ্ডলৰ হাচিমাৰা –কালচিনি খণ্ডৰ আইবিএছ (ইণ্টাৰ মিডিয়েট ব্লক চিগনেলিং) হাটসমূহত ০৬ টা কেমেৰা স্থাপন কৰা হৈছে।

ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ মণ্ডলসমূহৰ গুৰুত্বপূৰ্ণ এলচি গেটসমূহত ইণ্টাৰলকিং প্ৰণালী ৰূপায়ণ কৰিছে, যাতে গেটসমূহ ৰেলচলাচলৰ সৈতে সম্পূৰ্ণৰূপে সুসংগত হয়। এই প্ৰণালীয়ে বেৰিয়াৰসমূহকসমীপলৈ অহা ৰেলৰ সৈতে পোনপটীয়া সমন্বয় স্থাপনৰ ক্ষেত্ৰতসহায় কৰে তথাসুগম আৰু সুৰক্ষিত ক্ৰছিংনিশ্চিত কৰে। এই প্ৰযুক্তিৰ একত্ৰিতকৰণেৰে, উত্তৰ পূব সীমান্ত ৰেলৱেপৰিচালন সুৰক্ষা অনুকূল কৰি আৰু যাত্ৰী আৰু ট্ৰেক ব্যৱহাৰকাৰী উভয়ৰে বাবে বৰ্ধিত সুৰক্ষা প্ৰদান কৰে।

ইয়াৰ উপৰিও, কাটিহাৰ, আলিপুৰদুৱাৰ, লামডিং আৰু তিনিচুকীয়াৰ এলচিগেট সমূহত ২৯ খন স্লাইডিং বুমবেৰিয়াৰ প্ৰৱৰ্তন কৰা হৈছে, যি সুৰক্ষাৰ অতিৰিক্ত স্তৰ প্ৰদান কৰে।লগতে, আন্তঃগাঁথনি অধিক উন্নত আৰু সুৰক্ষিত ক্ৰছিং নিশ্চিত কৰাৰ বাবে লামডিং মণ্ডলৰ ১৫ খন এলচিগেটত ৰবৰযুক্ত চাৰ্ফেচিং প্ৰৱৰ্তন কৰা হৈছে।এই উন্নীতকৰণে বাহন পিছলি যোৱাৰ আশংকা হ্ৰাস কৰাৰ লগতে পথব্যৱহাৰকাৰী সকলৰ বাবে সুৰক্ষিত, অধিক দক্ষ ক্ৰছিং নিশ্চিত কৰি সামগ্ৰিক ৰোড ট্ৰেকইণ্টাৰফেচ উন্নত কৰিব।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই মানুহৰ জীৱন সুৰক্ষিত আৰু পৰিচালন সুৰক্ষাৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰখাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপসমূহে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নিৰাপত্তা বৃদ্ধি আৰু সকলো যাত্ৰীৰ বাবে এক সুৰক্ষিত, নিৰৱচ্ছিন্ন আৰু আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমৰ্পিত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande