কোকৰাঝাৰ, ২১ এপ্ৰিল (হি.স.)। এক নতুন দৃষ্টিভংগী আৰু গুণগত শিক্ষা ব্যৱস্থা লৈ আজিৰে পৰা সাপকাটা আনন্দমঠ হায়াৰচেকেণ্ডাৰীত আৰম্ভ হব পাঠদান প্ৰক্ৰিয়া। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা আনন্দমঠ জাতীয় বিদ্যালয়ত ২০১৯ চনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আনন্দমঠ জাতীয় বিদ্যালয়ত নতুনকৈ সংযোজন কৰা হয় কলা শাখাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খনৰ আজি আনুষ্ঠানিক ভাবে দ্বাৰ মুকলি কৰি শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক জিৰণ বসুমাতাৰীয়ে।
উল্লেখ যে সাপকাটা অঞ্চলৰ কেইবাগৰকী বিশিষ্ট সমাজসেৱকৰ সপোন আছিল গ্ৰাম্য অঞ্চলৰ শিশুসকলক কুৱালিটি এডুকেশ্বচন প্ৰদান কৰি উচ্চ শিক্ষাৰে শিক্ষিত কৰি মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে । সেই মহৎ লক্ষ্য আগত ৰাখি আজি সাপকাটাত প্ৰতিষ্ঠা লাভ কৰিছে আনন্দমঠ জাতীয় বিদ্যালয় চিনিয়ৰ ছেকেণ্ডেৰী স্কুল । য'ত আছে স্মাৰ্ট ক্লাছ ৰুমৰ সুন্দৰ ব্যৱস্থা।আধুনিক শিক্ষা প্ৰদানৰ সু-ব্যৱস্থাৰ ওপৰিও ইয়াত আছে অভিজ্ঞ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰী। আজি শুভ আৰম্ভণিৰ দিনাই এক উখল-মাখল পৰিবেশে দেখা গৈছে আনন্দমঠ জাতীয় বিদ্যালয় চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত । অনুষ্ঠান খনত অঞ্চল খনৰ বিশিষ্ট ব্যক্তিৰ উপৰিও অভিভাৱক তথা দল সংগঠনৰ নেতা কৰ্মী উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ