গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। পোপ ফ্ৰান্সিছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “মহান পবিত্ৰ পোপ ফ্ৰান্সিছৰ মৃত্যুৰ খবৰ আমাৰ বাবে অত্যন্ত দুঃখজনক। বিশ্ব শান্তি আৰু খ্ৰীষ্টান সমাজত গুৰুত্বপূৰ্ণ সংস্কাৰৰ দিশত তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে তেওঁ আছিল এক শক্তিশালী কণ্ঠ। তেওঁৰ সমগ্ৰ জীৱন বিশ্বৰ বাবে এক প্ৰেৰণা আছিল।”
মুখ্যমন্ত্রীগৰাকীয়ে কয়, তেওঁ শেষ নিশ্বাস পৰ্যন্ত নিজৰ নম্ৰতা আৰু ভক্তিৰে কেৱল কেথলিক খ্ৰীষ্টানক নহয়, লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল। অসমবাসীৰ হৈ সমগ্ৰ কেথলিক সমাজলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া