যোৰহাটৰ দিচৈ নগৰত চুৰিকাণ্ড
যোৰহাট, ২১ এপ্ৰিল (হি.স.)। গৃহস্থ নথকা সময়ত এঘৰত চোৰৰ চাফাই, লুটি নিলে নগদ ধন আৰু সোনৰ অলংকাৰ। যোৰহাটৰ ভোগদৈ আৰক্ষী থানাৰ অন্তৰ্গত দিচৈ নগৰৰ মহাত্মা গান্ধী পথৰ ৰামানুজ বৰাৰ ঘৰত আজি দিনত চোৰে লুট পাত চলাই। ঘৰৰ মানুহ গুৱাহাটীলৈ গৈছিল আৰু আজি আহি দেখে
যোৰহাটৰ দিচৈ নগৰত চুৰিকাণ্ড


যোৰহাট, ২১ এপ্ৰিল (হি.স.)। গৃহস্থ নথকা সময়ত এঘৰত চোৰৰ চাফাই, লুটি নিলে নগদ ধন আৰু সোনৰ অলংকাৰ। যোৰহাটৰ ভোগদৈ আৰক্ষী থানাৰ অন্তৰ্গত দিচৈ নগৰৰ মহাত্মা গান্ধী পথৰ ৰামানুজ বৰাৰ ঘৰত আজি দিনত চোৰে লুট পাত চলাই।

ঘৰৰ মানুহ গুৱাহাটীলৈ গৈছিল আৰু আজি আহি দেখে ঘৰৰ ভিতৰ চোৰে লণ্ড ভণ্ড কৰি থোৱা। অহাৰ সময়ত খিৰিকী চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু সকলো লণ্ড ভণ্ড কৰে। চোৰে লুটি নিয়ে দুদাল সোণৰ চেইন আৰু নগত দহ হেজাৰ টকা। ইতিমধ্যে পৰিয়ালতোৰ তৰফৰ পৰা ভোগদৈ থানাত এজাহাৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande