জুৰীয়া, বৰপেটা, গোৱালপাৰা কংগ্ৰেছৰ টিকট বিক্ৰীৰ এপিচেন্টাৰ- মন্ত্ৰী পীযুষ হাজৰিকা
গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। পঞ্চায়তত দলীয় টিকট বিক্ৰী কৰাৰ জৰিয়তে পঞ্চায়তত দুৰ্নীতিৰ লাইচেঞ্চ দিবলৈ বিচাৰিছে কংগ্ৰেছ দলে। এই মন্তব্য মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন কমিটিৰ আহ্বায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ। আজি দলৰ বিশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰৱন্ধন কমিটিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি সাংবাদিকেৰে হোৱা বাৰ্তালাপত মন্ত্ৰী হাজৰিকাই কয় যে কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ টিকট বিক্ৰী কৰা এপিচেন্টাৰ কত আপোনালোকেই জানে জুৰীয়া, ধিং, লাহৰিঘাট, বৰপেটা, ধুবুৰী আদি কংগ্ৰেছৰ টিকট বিক্ৰীৰ এপিচেন্টাৰ। গতিকে কংগ্ৰেছ কাৰ দল বা কাৰ কাৰণে কাম কৰে নিশ্চয় বুজিবলৈ অসুবিধা নহয়।
সাংবাদিকৰে হোৱা বাৰ্তালাপত পঞ্চায়ত নিৰ্বাচন প্ৰৱন্ধন কমিটিৰ আহ্বায়কজনে পুনৰ কয় যে অসমৰ জনতাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন থকাৰ কাৰণেই আমাৰ বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ভালেমান সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’বলৈ পাৰিছে। প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি সমূহতো আমাৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ বিজয় সুনিশ্চিত। ইয়াৰ পিছত হ’বলগীয়া বিটিআৰতো আমি জয়ী হম। ১১ মাহ পাছত হ’বলগীয়া বিধানসভা নিৰ্বাচনতো এনডিএ মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা লাভ কৰিব। কাৰণ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত বিজেপি দলটো আজিৰ তাৰিখত সুদৃঢ় আৰু এক শক্তিশালী দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰা জনমুখী কামকাজ আৰু উন্নয়নমূলক পদক্ষেপৰ কাৰণেই সাধাৰণ ভোটাৰ ৰাইজে বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰতি সমৰ্থন আগবঢ়াৰ সিদ্ধান্ত লৈছে বুলিও মন্ত্ৰী হাজৰিকাই ব্যক্ত কৰে। আজিৰ কাৰ্য্যালয় উদ্বোধনী কাৰ্য্যসূচীত দলৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি কেবাজনো জ্যোষ্ঠ নেতা উপস্থিত থাকে।
আনহাতে মন্ত্ৰী পীযুষ হাজৰিকা নেতৃত্বাধীন পঞ্চায়ত প্ৰবন্ধন কমিটীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিবলৈ পৰিকল্পনা যুগুতাই উলিয়াইছে। সেই মৰ্মে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজী আৰু তিনিচুকীয়া জিলাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে কালিলৈ লক্ষীমপুৰ আৰু শিৱসাগৰ জিলাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ৰাজ্যিত সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে যোৱা দুটাদিন বৰাক উপত্যকাত প্ৰচাৰ চলোৱাৰ পাছত অহা ২২ আৰু ২৩ এপ্ৰিলত গোলাঘাট, শোণিতপুৰ, গহপুৰ আৰু উত্তৰ লক্ষীমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। তেনেকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অহা ২৩ এপ্ৰিলত শদিয়া, লক্ষীমপুৰ আৰু জোনাইত কেবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতাসকলেও ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যত জড়িত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী