গুৱাহাটীত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গুৱাহাটী, ১৮ এপ্ৰিল(হি.স.)। গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটী মহানগৰৰ পানবজাৰ আৰক্ষী আজি এক অভিযান চলাই গুৱাহাটীৰ দুই নম্বৰ ৰে’ল গেটৰ সমীপৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী জনক নলবাৰীৰ
গুৱাহাটীত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


গুৱাহাটী, ১৮ এপ্ৰিল(হি.স.)। গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটী মহানগৰৰ পানবজাৰ আৰক্ষী আজি এক অভিযান চলাই গুৱাহাটীৰ দুই নম্বৰ ৰে’ল গেটৰ সমীপৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহকাৰী জনক নলবাৰীৰ বাসিন্দা অজিত দাস(২৩) বুলি চিনাক্ত কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰী জনৰ জিম্মাৰ পৰা এটা প্লাষ্টিক বেগত থকা আঠটা প্লাষ্টিকৰ চুঙা (কন্টেইনাৰ)ত ১০.৮০গ্ৰাম হেৰোইন জব্দ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande