বৰপেটাৰোডত বাইক সহ গভাইত চোৰ আটক
বৰপেটাৰোডত বাইক সহ গভাইড চোৰ আটক।
বৰপেটাৰোডত বাইক সহ গভাইত চোৰ আটক


বৰপেটা, ১৭ এপ্ৰিল (হি.স.): বৰপেটা ৰোডত বাইক সহ গভাইড চোৰ আটক কৰা হৈছে। বৰপেটাৰোড আৰক্ষীয়ে য়োৱাকালি নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ধৃত বাইক চোৰক। ধৃত চোৰ গৰাকী বঙাইগাঁও ৰেলৱে কলনীৰ ৰাজু ক'ৰ। বৰপেটাৰোডৰ কলহভঙাত ভাড়াতিয়া হিচাপে থাকি চহৰ খনৰ বিভিন্ন প্ৰান্তত চুৰিকার্য সংঘটিত কৰি আহিছিল।

বৰপেটাৰোডৰ ৰাজু পথৰ পৰা দুখনকৈ বাইক চোৰ কৰি সৰভোগৰ ভূলুকাডবাৰ জংঘলৰ মাজত লুকুৱাই ৰাখিছিল ৰাজু ক'ৰে। বৰপেটাৰোড আৰক্ষীয়ে ধৃত চোৰ গৰাকীক আটক কৰি জেৰা চলোৱাত চোৰ গৰাকীৰ স্বীকাৰোক্তিত সৰভোগৰ ভূলুকাডবা জংঘলৰ পৰা পৰিতক্ত অৱস্থাত উদ্ধাৰ কৰে চুৰি কৰা বাইক দুখন। উদ্ধাৰ হোৱা বাইক দুখন হৈছে ক্ৰমে এএছ ২৫ কে ৭২৭৩ আৰু এএছ ১৫ কিউ ৯৯২৩ নম্বৰৰ । প্ৰায় ২০ বছৰ ধৰি বিভিন্ন প্ৰান্ততত চুৰি কাৰ্য্য সংঘটিত কৰি আহিছে ধৃত ৰাজু ক'ৰে। কেইবা মাহ পূৰ্বে চুৰিকাৰ্যত জড়িত হৈ কাৰাগাৰত বন্দী হৈ আছিল ৰাজু কৰ । কিছুদিন পূৰ্বে কাৰাগৰৰ পৰা মুকলি হৈ পুনৰ চুৰি কাৰ্য্যত লিপ্ত হৈ পুনৰ আৰক্ষীৰ হাতত আটক হয় ৰাজু কৰ। ধৃত চোৰ গৰাকীৰ পৰা চুৰিকার্যত ব্যৱহাৰ হোৱা এপাট মাষ্টাৰ চাবি, এখন ভাগৱত গীতা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande