কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান
নগাঁও, ১৮ এপ্ৰিল (হি.স.)। নগাঁও জিলাৰ কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীয়ে অভিযান চলায়। এক গোপন সূত্ৰৰ ভিত্তিত কচুৱা আৰক্ষী আৰু গাওঁৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান। কচুৱা থানাৰ অন্তৰ্গত শিঙিমাৰীত নিশা চলাইছিল অভিযান। অভিযানত তিনিজন ড্ৰাগছ সৰবৰাহক
কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান।


নগাঁও, ১৮ এপ্ৰিল (হি.স.)। নগাঁও জিলাৰ কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীয়ে অভিযান চলায়। এক গোপন সূত্ৰৰ ভিত্তিত কচুৱা আৰক্ষী আৰু গাওঁৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান। কচুৱা থানাৰ অন্তৰ্গত শিঙিমাৰীত নিশা চলাইছিল অভিযান।

অভিযানত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন শিঙিমাৰীৰ আব্দুল মজিত, পণ্ডিতঘাটৰ এমদাদুল ইছলাম আৰু জুৰিৰপাৰৰ আইজুল হক বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ১১.৪৩ গ্ৰাম সন্দেহযুক্ত হি'ৰোইন জব্দ কৰে আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande