কাৰ্বি আংলং, ১৭ এপ্ৰিল (হি.স.): কাৰ্বি আংলং জিলাৰ খটখটী কাৰাগাঁৱত সন্দেহযুক্ত হেৰইন সহ তিনি সৰবৰাহকাৰী আটক হৈছে। আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰৰ পৰা কাৰাগাওঁ দিশে আহি থকা তিনিজন নগা যুৱকক সন্দেহ যুক্ত হেৰইন সহ আটক কৰিবলৈ সক্ষম হয় ৷
যুৱক কেইজনে এটা বেগ আৰু পেণ্টৰ জেপত চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা ৩৬' ৬৬ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক কেইজন ক্ৰমে নাগালেণ্ড মনজিলাৰ হমফাইৰ পাইৱাং কৈনাক, পাঠা কৈনাক আৰু আকাই কৈনাক বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ