বিশ্ব ঐতিহ্য দিৱসত এএছআই কীৰ্তিচিহ্নসমূহত নাথাকিব প্ৰৱেশ মাচুল
নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। বিশ্ব ঐতিহ্য দিৱস উপলক্ষে দেশৰ সংৰক্ষিত ঐতিহাসিক কীৰ্তিচিহ্নসমূহত কোনো ধৰণৰ মাচুল লোৱা নহ’ব। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। ১৮ এপ্ৰিলত বিশ্বজুৰি উদযাপন কৰা বিশ্ব ঐতিহ্য দিৱসৰ লক্ষ্য হৈছে
বিশ্ব ঐতিহ্য দিৱসত এএছআই কীৰ্তিচিহ্নসমূহত নাথাকে প্ৰৱেশ মাচুল


নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। বিশ্ব ঐতিহ্য দিৱস উপলক্ষে দেশৰ সংৰক্ষিত ঐতিহাসিক কীৰ্তিচিহ্নসমূহত কোনো ধৰণৰ মাচুল লোৱা নহ’ব। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। ১৮ এপ্ৰিলত বিশ্বজুৰি উদযাপন কৰা বিশ্ব ঐতিহ্য দিৱসৰ লক্ষ্য হৈছে দৰ্শনাৰ্থীক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য অন্বেষণ কৰিবলৈ উৎসাহিত কৰা।

এ এছ আইৰ দ্বাৰা সুৰক্ষিত ৩৬৯৮টা কীৰ্তিচিহ্ন আৰু স্থানৰ বহু ঠাইত প্ৰৱেশ মাচুল লোৱা হয়। শুকুৰবাৰে আগ্ৰাৰ তাজমহল আৰু দিল্লীৰ লালকিল্লা, চফদাৰজংৰ সমাধি, কুতুব মিনাৰ আৰু পুৰাণা কিলাকে ধৰি সকলো কীৰ্তিচিহ্নত প্ৰৱেশ বিনামূলীয়া হ’ব। বৃহস্পতিবাৰে এ এছ আইয়ে জাৰি কৰা এক বিবৃতি অনুসৰি এইবাৰ বিশ্ব ঐতিহ্য দিৱসৰ বিষয়বস্তু হৈছে ‘দুৰ্যোগ আৰু সংঘাতৰ পৰা বিপদত পৰা ঐতিহ্য’, যাতে প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগ, ভাবুকি বা সংঘাতৰ পৰা ঐতিহ্য ক্ষেত্ৰসমূহক সুৰক্ষা প্ৰদানৰ বিষয়ে সজাগতা সৃষ্টি কৰে।

কীৰ্তিচিহ্নসমূহত প্ৰৱেশ মাচুল ৰেহাই দিয়াৰ লক্ষ্য হৈছে ঐতিহ্য সংৰক্ষণ আৰু পৰিচালনাৰ গুৰুত্বৰ বিষয়ে অধিক জনসাধাৰণৰ অংশগ্ৰহণ। ইয়াৰ লগতে নাগৰিকসকলক তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি সজাগ কৰিব লাগিব যাতে অমূল্য ঐতিহ্য ক্ষেত্ৰসমূহৰ সুৰক্ষা আৰু সংৰক্ষণ সুনিশ্চিত কৰিব পৰা যায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande