-আৰক্ষীৰ প্ৰতিবেদনঃ শ্বামশ্বেৰগঞ্জৰ এই ভিৰটোৱে হিন্দু পৰিয়ালক লক্ষ্য কৰি লৈছিল
কলকাতা, ১৯ এপ্ৰিল (হি.স.)। ৱাকফ (সংশোধনী) আইনৰ প্ৰতিবাদত যোৱা সপ্তাহত মুৰ্ছিদাবাদ জিলাত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ সৈতে জড়িত হৈ এতিয়ালৈকে ৩১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত দুই নাবালককো অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা অধিকাংশই এতিয়াও জামিন লাভ কৰা নাই। মাত্ৰ দুই নাবালককহে মুকলি কৰি দিয়া হৈছে। উৰাবাতৰি আৰু ভুল তথ্য বিয়পোৱা মুঠ ১২৫৭টা ইণ্টাৰনেট লিংক (ইউ আৰ এল)ও এতিয়ালৈকে ব্লক কৰা হৈছে।
প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ৮ এপ্ৰিলৰ পৰা ৰঘুনাথগঞ্জ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত পি ডব্লিউ ডি খেলপথাৰত ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে আয়োজন কৰা এক বিক্ষোভৰ সময়ত এই হিংসাত্মক ঘটনা আৰম্ভ হৈছিল। দুপৰীয়া হঠাতে ৰাইজে হিংসাত্মক ৰূপ ধাৰণ কৰি চৰকাৰী সা-সম্পত্তিৰ ক্ষতি কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ভিৰটোৱে মাৰাত্মক অস্ত্ৰ লৈ আহিছিল আৰু আনকি নিয়োজিত আৰক্ষীৰ পৰা অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লৈ গৈছিল।
মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনা সন্দৰ্ভত পশ্চিম বংগ আৰক্ষীৰ এক প্ৰতিবেদন অনুসৰি ১১ এপ্ৰিলত শুকুৰবাৰৰ নামাজৰ অন্তত উমৰপুৰ (ৰঘুনাথগঞ্জ থানা), সাজুৰ মৰে (সুতি থানা) আৰু ওল্ড ডাকবুংলো মৰে (শ্বামশ্বেৰগঞ্জ থানা)ত সম্ভাৱ্য আন্দোলনৰ বিষয়ে জিলা চোৰাংচোৱা শাখাই আগতীয়াকৈ তথ্য লাভ কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা স্থানীয় লোকৰ ভূমিকাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্য চৰকাৰে কৰা দাবীক লৈ প্ৰশ্ন উত্থাপন কৰিছে যে এই হিংসাৰ বাবে “বাহিৰৰ উপাদান” দায়ী আছিল। আৰক্ষীৰ খবৰ অনুসৰি যোৱা ১২ এপ্ৰিলত শ্বামশ্বেৰগঞ্জ থানা এলেকাৰ অন্তৰ্গত ঘোষপাদা অঞ্চলত স্থানীয় মছজিদৰ কাষত একাংশ লোকে সমবেত হৈছিল আৰু বিশেষভাৱে হিন্দু পৰিয়ালৰ ঘৰবোৰক লক্ষ্য কৰি লৈছিল। পিছদিনা আন এটা দলে কাঞ্চতলা মছজিদৰ সমীপত হিন্দু পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ চেষ্টা চলায়।
উল্লেখযোগ্য যে ন্যায়াধীশ সৌমেন সেন আৰু ন্যায়াধীশ ৰাজা বসু চৌধুৰীৰে গঠিত কলিকতা উচ্চ ন্যায়ালয়ৰ বিশেষ সংমণ্ডল বিচাৰপীঠে যোৱা ১২ এপ্ৰিলৰ সন্ধিয়া কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ দিছিল।ৰাজ্য চৰকাৰে সাম্প্ৰদায়িক হিংসা ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ অপৰ্যাপ্ত বুলি বিচাৰপীঠে স্পষ্টভাৱে উল্লেখ কৰিছিল। কেন্দ্ৰীয় বাহিনী নিয়োগ সময়োপযোগী হ’লে পৰিস্থিতি ইমান ভয়াৱহ আৰু বিস্ফোৰক হৈ নাথাকিলহেঁতেন বুলিও আদালতে পৰ্যবেক্ষণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া