নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। উত্তৰ-পূব জিলাৰ মুস্তাফাবাদ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা ভাঙি পৰে এটা চাৰি মহলীয়া অট্টালিকা। দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় দহজন লোক। এতিয়াও বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী, এন ডি আৰ এফ, ডগ স্কোয়াড আৰু আৰক্ষীৰ দল উপস্থিত হয়। সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে জনোৱা মতে, শনিবাৰে পুৱতি নিশা ২:৫০ বজাত এটা ঘৰ ভাঙি পৰাৰ তথ্য লাভ কৰা হয়। তথ্য লাভ কৰাৰ লগে লগে ছটা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হয়। একে সময়তে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে এন ডি আৰ এফক মাতি অনা হৈছে।
চলি আছে উদ্ধাৰৰ কাম
উত্তৰ-পূব জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ সন্দীপ লাম্বাই জনোৱা মতে, ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হোৱা ১৪ জন লোকৰ ভিতৰত ৪ জনৰ মৃত্যু হৈছে। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ৮-১০ জন লোক এতিয়াও ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। ইফালে প্ৰত্যক্ষদৰ্শী ৰছিদে মুস্তাফাবাদ অঞ্চলত সংঘটিত অট্টালিকা ভাঙি পৰা কাণ্ডৰ বিষয়ে কয় যে ইয়াত দুজন পুৰুষ, দুগৰাকী মহিলা, তেওঁলোকৰ পৰিয়াল আৰু ভাড়াতীয়া বাস কৰে। ডাঙৰ বোৱাৰীৰ তিনিটা সন্তান, দ্বিতীয় বোৱাৰীৰো তিনিটা সন্তান। ক'তো দেখা পোৱা নাই। ৰছিদে কয় যে চাৰি মহলীয়া অট্টালিকাটোত প্ৰায় ২৫ জন লোকে বাস কৰিছিল। কিছুমান মানুহ ইতিমধ্যে স্থানীয় লোকে ঘৰৰ পৰা ওলাই আহিছিল। বৰ্তমান উদ্ধাৰৰ কাম চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া