সাংসদ ক্ৰীড়া মহাকুম্ভৰ শুভাৰম্ভ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
লক্ষ্ণৌ, ১৯ এপ্ৰিল (হি.স.)। লক্ষ্ণৌৰ কে ডি সিং বাবু ষ্টেডিয়ামত সাংসদ ক্ৰীড়া মহাকুম্ভৰ শনিবাৰে শুভাৰম্ভ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ইয়াৰ লগে লগে ২৪ এপ্ৰিললৈকে চলিবলগীয়া ক্ৰীড়া মহা কুম্ভত এথলেটিকছ, ভলীবল, কাবাডী, ফুটবল, বক্সিংকে ধৰি আঠটা ক্ৰীড়াৰ প্ৰতিযোগিতা আৰম্ভ হয়।
খেলুৱৈসকলক উৎসাহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে ভাৰতৰ খেলুৱৈসকলে ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ নাম শীৰ্ষস্থানলৈ লৈ গৈছে। প্ৰতিটো খেলতে ভাৰতে অগ্ৰগতি লাভ কৰিছে। খেলুৱৈসকলক ভাল প্ৰদৰ্শন কৰিবলৈ চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছে।
এই উপলক্ষে উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, বিধায়ক নীৰজ বৰা, বিধায়ক যোগেশ শুক্লা, মেয়ৰ সুষমা খৰ্কৱাল, বিজেপি মহানগৰ সভাপতি আনন্দ দ্বিবেদীৰ লগতে বিজেপিৰ বিষয়ববীয়া, ক্ৰীড়াপ্ৰেমী আৰু শতাধিক খেলুৱৈ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া