ডেৰাডুন, ১৯ এপ্ৰিল (হি.স.)। উত্তৰাখণ্ডৰ চামোলী জিলাৰ গোপেশ্বৰৰ বীৰহী-নিজামুলা মটৰ পথৰ গাদী গাঁৱৰ সমীপৰ গভীৰ খাৱৈত শুকুৰবাৰে সন্ধিয়া এখন গাড়ী বাগৰি পৰাত ৫জন লোকৰ মৃত্যু হয়।
আজি চামোলী জিলাত সংঘটিত পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। মৃতকৰ পৰিয়ালৰ সদস্যক অনুমোদিত সাহায্যৰ পৰিমাণ প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
তথ্য অনুসৰি গাড়ীখন বিবাহ অনুষ্ঠানৰ পৰা দশোলি ব্লকৰ হৰমণি গাঁৱলৈ উভতি আহিছিল। ইফালে গাড়ীখন নিয়ন্ত্ৰণহীন হৈ প্ৰায় তিনিশ মিটাৰ দ খাৱৈত বাগৰি পৰে। গাড়ীখনত পাঁচজন মানুহ আছিল। আটাইকেইজনেই আছিল গলিম গাঁৱৰ বাসিন্দা। সকলোৰে থিতাতে মৃত্যু হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত থকাৰ লগতে সাহায্যৰ কাম চলি আছে। অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া