সোণাপুৰৰ নৰতাপ লুৰিগাঁৱত উত্তপ্ত পৰিস্থিতি
কামৰূপ, ১৭ এপ্ৰিল (হি.স.)। সোণাপুৰৰ নৰতাপ লুৰিগাঁৱত উত্তপ্ত পৰিস্থিতি। এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। লুৰি চাহ বাগিচাৰ চৌহদৰ চোকা তাঁৰত লাগি মৃত্যু ২৫ বছৰীয়া যুৱক দিব্যজ্যোতি পাটৰৰ। বুধবাৰে সন্ধিয়াৰ ভাগত সোণাপুৰৰ পৰা ঘৰলৈ বাইকেৰ
সোণাপুৰৰ নৰতাপ লুৰিগাঁৱত উত্তপ্ত পৰিস্থিতি।


সোণাপুৰৰ নৰতাপ লুৰিগাঁৱত উত্তপ্ত পৰিস্থিতি।


কামৰূপ, ১৭ এপ্ৰিল (হি.স.)। সোণাপুৰৰ নৰতাপ লুৰিগাঁৱত উত্তপ্ত পৰিস্থিতি। এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। লুৰি চাহ বাগিচাৰ চৌহদৰ চোকা তাঁৰত লাগি মৃত্যু ২৫ বছৰীয়া যুৱক দিব্যজ্যোতি পাটৰৰ।

বুধবাৰে সন্ধিয়াৰ ভাগত সোণাপুৰৰ পৰা ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত সংঘটিত হয় বাইক দুৰ্ঘটনা, বাইকৰ পৰা পৰি লুৰি চাহ বাগিচাৰ চৌহদৰ চোকা তাৰত লাগি মৃত্যুক সাৱটি লয় ২৫ বছৰীয়া যুৱকজনে। ইয়াৰ পিছতে আজি ৰাইজে চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ দাবী বাগিছা কৰ্তৃপক্ষ‌ই ময়মতালিৰে বিপজ্জনকভাৱে পথৰ কাষত দিয়া ব্লেড ফেঞ্চিঙে বিপদ কঢ়িয়াইছে পথচাৰী তথা জীৱ-জন্তুলৈ। এইসমূহ ফেঞ্চিং উঠাই দিয়াৰ দাবীৰে বাগিছা কৰ্তৃপক্ষ‌ৰ কাৰ্যালয় সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে যুৱকজনৰ এনেদৰে অনাকাংক্ষিতভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ। ঘটনাস্থলীত ইতিমধ্যে সোণাপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande