ৰানাৰ প্ৰত্যাৰ্পণে উদঙাই দিলে পাকিস্তানৰ মুখাঃ বৈদেশিক মন্ত্ৰালয়
নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী তাহৱুৰ ৰানাৰ প্ৰতি পাকিস্তানে দায়িত্ব অস্বীকাৰ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে চুবুৰীয়া দেশখনে যিমানেই চেষ্টা নকৰক কিয়, বিশ্ব সন্ত্ৰা
বিদেশ মন্ত্ৰালয়


নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী তাহৱুৰ ৰানাৰ প্ৰতি পাকিস্তানে দায়িত্ব অস্বীকাৰ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে চুবুৰীয়া দেশখনে যিমানেই চেষ্টা নকৰক কিয়, বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰ হিচাপে নিজৰ ভাবমূৰ্তি উন্নত কৰিব নোৱাৰে। তাৰ শেহতীয়া উদাহৰণ তাহাউৰ ৰানাৰ প্ৰত্যাৰ্পণ।

সাপ্তাহিক সংবাদমেলযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ইয়াৰ পৰাও স্পষ্ট যে পাকিস্তানে আশ্ৰয় দি থকা মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ী আন লোকসকলক ন্যায়ালয়ৰ কাঠঘৰাত থিয় কৰাব লাগে।

কাশ্মীৰ সন্দৰ্ভত পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে দিয়া বক্তব্য সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতৰ ভূখণ্ড কেনেকৈ পাকিস্তানৰ প্ৰাণ হ’ব পাৰে। কাশ্মীৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল। দুয়োখন দেশৰ মাজত এটাই বিষয় আছে যে পাকিস্তানে অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ড খালী কৰিব লাগে।

উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধানে কৈছিল যে তেওঁৰ দেশে কাশ্মীৰক কেতিয়াও পৰিত্যাগ কৰিব নোৱাৰে। কাশ্মীৰ আমাৰ অস্তিত্বৰ এক গুৰুত্বপূৰ্ণ অংগ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande