বৰপেটা, ১৭ এপ্ৰিল (হি.স.)। বজালীৰ চৌখুটীত বিহু মঞ্চত অঘটন lশিল্পীক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ বাবে উদ্যত হল কমিতিৰ সদস্য lমঞ্চৰ পৰা বগৰাই দিয়া হল বাদ্যযন্ত্ৰ lকন্ঠশিল্পী গৰাকী হৈছে ধনটি দাস l সঠিক ভাৱে মঞ্চত গীত পৰিবেশন নকৰাৰ বাবে এনে পৰিবেশ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে l
বজালীৰ চৌখুটী ভাতৃ সংঘৰ উদ্যোগত কালি অনুস্থিত হৈছে ৰঙালী বিহুৰ মঞ্চত উক্ত অনুষ্ঠান l
এতিয়া লৈ উদ্যোক্তা ই একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও শিল্পী গৰাকীৰ বিৰুদ্ধে ও অভিযোগ উত্থাপন হৈছে সুৰাপান কৰাৰ lকিন্তু যি নহলেও এনে অপ্ৰীতিকৰ ঘটনাক কোনেও সহজ ভাবে লব পৰা নাই উক্ত অঞ্চলত l
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ