যোৰহাট, ১৯ এপ্ৰিল (হি.স.)। আজি চেনেহী বিহু, ৰঙালী বিহুৰ এক অনন্য ৰূপ। ৰঙালীৰ সাত বিহুৰ অন্যতম চেনেহী বিহু অৰ্থাৎ জেং বিহুৰ দিনা টীয়কৰ মিধাখাট অঞ্চলৰ জীয়ৰী-বোৱাৰীসকলো মিলি পথাৰত আনন্দৰে নাচিছে।
উল্লেখযোগ্য যে এই বিহুত পুৰুষৰ কোনো ভূমিকা নাই। নাই ঢোল, তাল, বাঁহী, পেঁপাৰ । কেৱল হাতত টকা লৈ গগণা আৰু হাত চাপৰিৰে বিহু জোৰিছে জীয়াৰী বোৱাৰী সকলে য'ত সামাজিক আৰু সাংস্কৃতিক একতা প্ৰকাশ পাইছে। লোক বিশ্বাস যে এই নৃত্যৰ ধ্বনিয়ে কৃষি ভূমিক উৰ্বৰা কৰে, জীৱনলৈ আনে পলাশ-সুবাসেৰে ভৰা নতুন আশাৰ বতৰা। সেয়ে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইসকল জীয়ৰী বোৱাৰী একত্ৰিত হৈ এইদৰে পথাৰত বিহু গাই আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে। লগতে এনেবোৰ পদক্ষেপে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো লোক সংস্কৃতি জীয়াই ৰখাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু