গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। মহানগৰীত বশিষ্ঠ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত ২ কোটি মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। লগতে আটক হৈছে এগৰাকী মহিলা সৰবৰাহকাৰী। মুঠ ৪ টা চাবোনৰ বাকচ আৰু ১৩ টা প্লাষ্টিকৰ পেকেটত লৈ অহা ২৭৮.৩৮ গ্ৰাম হেৰোইন জব্দ কৰা হয়। মহানগৰীৰ সাউকুচিত জব্দ কৰা হয় হেৰোইন খিনি।
হেৰোইনৰ লগতে সৰবৰাহীৰ পৰা জব্দ কৰা হৈছে ১,৪৯,৫০০ টকা নগদ ধন আৰু এটা মোবাইল ফোন। এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে চাজিদা বেগম নামৰ ৩২ বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰী মহিলাগৰাকী। ধৃত মহিলাগৰাকীৰ ঘৰ হাইলাকান্দিৰ আলগাপুৰত বুলি জানিব পৰা গৈছে। মহানগৰীৰ দাতালপাৰাৰ ভাড়াঘৰত থাকি মহিলাগৰাকীয়ে চলাই গৈছিল ড্ৰাগছৰ বেহা।
ইফালে ধৃত মহিলাগৰাকীৰ ভাড়াঘৰতো আৰক্ষীয়ে অভিযান চলায়। ভাড়াঘৰৰ পৰা জব্দ ১৮০০ টা খালী কন্টেইনাৰ আৰু ১০০টা খালী চাবোনৰ বাকচ। এই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar