হাইলাকান্দি, ১৭ এপ্ৰিল (হি.স.)। বিহু মানেই অসমবাসীৰ বাবে আনন্দ, মিলন আৰু সংস্কৃতিৰ উৎসৱ। সেই উৎসৱৰেই বিশেষ এক দৃশ্য দেখা গ'ল হাইলাকান্দিত। বুধবাৰ নিশা হাইলাকান্দিত বিহুৰ আনন্দত মাতাল হৈ নিজে কঁকাল ভাঙি বিহু নাচিলে অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে। মন্ত্ৰীগৰাকীৰ এই উচ্ছ্বাসত অংশ লয় হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে।
কঠোৰ শৃংখলাবদ্ধতাৰ চৰিত্ৰটো এদিনৰ বাবে আঁতৰাই, অধীক্ষক গৰাকীয়ে বিহুৰ সুৰত পোহৰ লগালে নিজৰ নৃত্যকলা। লগতে বিজেপি অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে এক প্ৰাণবন্ত ভঙীত যোগদান কৰি অনুষ্ঠানটোক অধিক উজ্জ্বল আৰু সম্প্ৰীতিপূৰ্ণ ৰূপত উপস্থাপন কৰে। এই বিশেষ বিহু অনুষ্ঠানটো হাইলাকান্দি আৰক্ষী আৰু ২১ নং অসম আৰক্ষী ব্যটেলিয়নে যৌথভাৱে আয়োজন কৰিছিল। অনুষ্ঠানখনৰ উদ্দেশ্য আছিল জনগণৰ সৈতে সম্প্ৰীতি, সৌভ্ৰাতৃত্ব আৰু সাংস্কৃতিক সংযোগৰ মাজেৰে একতা স্থাপন কৰা। এই অনুষ্ঠানত হাইলাকান্দিৰ স্থানীয় লোকসকলে বৃহৎ সংখ্যাত অংশ গ্ৰহণ কৰিছিল। ঢোল, পেঁপা আৰু গগনভেদী বিহু গীতৰ মাজত কণমানি শিশুৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকলৈ সকলোৰে মুখত দেখা গৈছিল হাঁহি, অন্তৰত অনুভৱ হৈছিল গৌৰৱ। বিহু নৃত্যৰ মাজেৰে সকলোৱে নিজৰ সংস্কৃতিক উলিয়াই আনন্দত মতলীয়া হৈ উঠিছিল।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা