দাৰ্জিলিঙৰ ঐতিহ্যমণ্ডিত ষ্টীম ইঞ্জিন নং ৭৮২ বি ৰ সেৱাৰ ১২৫ বছৰ পূৰ্ণ
গুৱাহাটী, ১৭ এপ্ৰিল (হি.স.)। ভাৰতৰ চহকী ৰেলৱে ঐতিহ্যৰ প্ৰতি এক উল্লেখযোগ্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দাৰ্জিলিং হিমালয়ান ৰে'লৱেই (ডিএইচআৰ) আজি ঐতিহ্যমণ্ডিত বি শ্ৰেণীৰ ষ্টীম লোকোমোটিভ নং. ৭৮২ ৰঅবিৰত সেৱাৰ ১২৫ তম বৰ্ষ উদযাপন কৰে। ৰে'লৱেৰ সংসদীয় স্থায়
দাৰ্জিলিঙৰ ঐতিহ্যমণ্ডিত ষ্টীম ইঞ্জিন নং ৭৮২ বি ৰ সেৱাৰ ১২৫ বছৰ পূৰ্ণ


গুৱাহাটী, ১৭ এপ্ৰিল (হি.স.)। ভাৰতৰ চহকী ৰেলৱে ঐতিহ্যৰ প্ৰতি এক উল্লেখযোগ্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দাৰ্জিলিং হিমালয়ান ৰে'লৱেই (ডিএইচআৰ) আজি ঐতিহ্যমণ্ডিত বি শ্ৰেণীৰ ষ্টীম লোকোমোটিভ নং. ৭৮২ ৰঅবিৰত সেৱাৰ ১২৫ তম বৰ্ষ উদযাপন কৰে। ৰে'লৱেৰ সংসদীয় স্থায়ী সমিতিৰ মাননীয় অধ্যক্ষ ড০ চি এম ৰমেশে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতে ভাৰতৰ সৰ্বোচ্চ স্থানত থকা এই প্ৰতিষ্ঠিত ঘুম ৰে'ল ষ্টেচনৰ পৰা আনুষ্ঠানিকভাৱে এখন বিশেষ ঐতিহ্যবাহী বাষ্প চালিত ৰে'লৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটো ইতিহাস, অভিযান্ত্ৰিক আৰু সংস্কৃতিৰ এক জীৱন্ত উদযাপন আছিল। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো দৰ্শন কৰিবলৈ সাংসদ আৰু ৰে'লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গসহ বিশিষ্ট ব্যক্তিসকলে ঘুম ষ্টেচনত একত্ৰিত হয়। দাৰ্জিলিং পাহাৰৰ পৰম্পৰাগত সংগীত আৰু লোক নৃত্য প্ৰদৰ্শন কৰাএক সাংস্কৃতিক অনুষ্ঠানে এই কাৰ্যসূচীক উৎসৱমূখৰ কৰি তুলিছিল।

স্মৰণীয় কাৰ্যসূচীৰ অংশ হিচাপে সংসদীয় স্থায়ী সমিতিৰ সদস্যসকলে ঘুমৰ ৰে'ল সংগ্ৰহালয় পৰিদৰ্শন কৰে, য'ত তেওঁলোকক দাৰ্জিলিং হিমালয়ান ৰে'লৱেৰ নেতৃত্বত চলি থকা পুনৰুদ্ধাৰ আৰু সংৰক্ষণ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰা হয়। সমিতিখনে ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰখন সংৰক্ষণৰ সৈতে জড়িত নিষ্ঠা আৰু কাৰুশিল্পক প্ৰশংসা কৰে।

১৯০০ চনত শ্বাৰ্প, ষ্টুৱাৰ্ট এণ্ড কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা বি শ্ৰেণীৰ লোকো মোটিভ নং ৭৮২ বি-য়ে পূৱহিমালয়ৰ নেৰোগজ ট্ৰেকত সেৱা আগবঢ়াই গৈছে। সুদীৰ্ঘ ১২৫ বছৰৰ নিৰন্তৰ সেৱাৰ সৈতে, এই ৰে'ল ইঞ্জিনটো ব্ৰিটিছ – যুগৰ ৰেলৱে অভিযান্ত্ৰিক আৰু ভাৰতীয় ৰে'লৱেৰ বহনক্ষম উত্তৰাধিকাৰীৰ এক জীৱন্ত প্ৰতীক। এই ঐতিহাসিক সফলতাই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰেৰিত কৰাৰ লগতে ইয়াৰ সাংস্কৃতিক আৰু প্ৰযুক্তিগত ঐতিহ্য সংৰক্ষণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande