হাইলাকান্দিত বিহুৰ আনন্দত নিশা ককাল ভাঙিলে মন্ত্ৰী কৃষ্ণেন্দু পালে
হাইলাকান্দি, ১৭ এপ্ৰিল (হি.স.)। হাইলাকান্দিত বিহুৰ আনন্দত নিশা ককাল ভাঙিলে মন্ত্ৰী কৃষ্ণেন্দু পালে। বিহু মানেই অসমবাসীৰ বাবে আনন্দ, মিলন আৰু সংস্কৃতিৰ উৎসৱ। সেই উৎসৱৰেই বিশেষ এক দৃশ্য দেখা গ'ল হাইলাকান্দিত। যোৱা নিশা হাইলাকান্দিত বিহুৰ আনন্দত মতলীয়া
হাইলাকান্দিত বিহুৰ আনন্দত নিশা ককাল ভাঙিলে মন্ত্ৰী কৃষ্ণেন্দু পালে


হাইলাকান্দি, ১৭ এপ্ৰিল (হি.স.)। হাইলাকান্দিত বিহুৰ আনন্দত নিশা ককাল ভাঙিলে মন্ত্ৰী কৃষ্ণেন্দু পালে। বিহু মানেই অসমবাসীৰ বাবে আনন্দ, মিলন আৰু সংস্কৃতিৰ উৎসৱ। সেই উৎসৱৰেই বিশেষ এক দৃশ্য দেখা গ'ল হাইলাকান্দিত। যোৱা নিশা হাইলাকান্দিত বিহুৰ আনন্দত মতলীয়া হৈ এপাক বিহু ননচাকৈ থাকিব নোৱাৰিলে অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে। মন্ত্ৰীগৰাকীৰ এই উচ্ছ্বাসত অংশ লয় হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেই। কঠোৰ শৃংখলাবদ্ধতাৰ চৰিত্ৰটো এদিনৰ বাবে আঁতৰাই, আৰক্ষী অধীক্ষক গৰাকীয়ে বিহুৰ সুৰে সুৰে এপাক নাচিলে। লগতে বিজেপি অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে এক প্ৰাণৱন্ত ভংগিত যোগদান কৰি অনুষ্ঠানটোক অধিক উজ্জ্বল আৰু সম্প্ৰীতিপূৰ্ণ ৰূপত উপস্থাপন কৰে।

এই বিশেষ বিহু অনুষ্ঠানটো হাইলাকান্দি আৰক্ষী আৰু ২১ নং অসম আৰক্ষী ব্যটেলিয়নে যৌথভাৱে আয়োজন কৰিছিল। অনুষ্ঠানখনৰ উদ্দেশ্য আছিল জনগণৰ সৈতে সম্প্ৰীতি, ভাতৃত্ব আৰু সাংস্কৃতিক সংযোগৰ মাজেৰে একতা স্থাপন কৰা। এই অনুষ্ঠানত হাইলাকান্দিৰ স্থানীয় বৃহৎ সংখ্যাত লোকে অংশ গ্ৰহণ কৰি বিহুৰ আনন্দ উল্লাসত মতলীয়া হৈ পৰা দেখা যায়। ঢোল, পেঁপা আৰু গগনভেদী বিহু গীতৰ মাজত কণমানি শিশুৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকলৈ সকলোৰে মুখত দেখা গৈছিল হাঁহি, সুখৰ অনুভৱ।

এনেদৰে অসমীয়াৰ জাতীয় অনুষ্ঠান বাপতি সাহোন ৰঙালী বিহুটোৱে যেন পুনৰ বৰাক ব্ৰহ্মপুত্ৰৰ মাজত থকা সাতামপুৰুখীয়া ঐক্যক অধিক শক্তিশালী কৰি তুলিলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande