নগাঁও, ১৬ এপ্ৰিল (হি.স.)। আজি গোসাঁই বিহু। গোসাই বিহু উপলক্ষে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্রী, ভকত বৈষ্ণৱ, আইমাতৄৰ।
বিভিন্ন ঠাইৰ পৰা অহা ভক্ত বৈষ্ণৱে হৰিনাম কীৰ্তন কৰি মুখৰিত কৰি তুলিছে বটদ্ৰৱা থান। নিজৰ লগতে সকলোৰে মংগল কামনা কৰি গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদিলে সকলোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা