বৰপেটা, ১১ এপ্ৰিল (হি.স.): বজালীত আই পি এল জুৱাৰ তিনি বুকী গ্ৰেপ্তাৰ কৰা হৈছে l দীৰ্ঘদিন ধৰি এই বুকীয়ে কেইটামান বিশেষ এপচ আৰু হোৱাটচএপৰ জৰিয়তে এই জুৱা খেল অনুষ্ঠিত কৰি আহিছিল l কোন খেলুৱৈয়ে কিমান ৰাণ কৰিৱ, কিমান অ'ভাৰত কিমান ৰাণ হ'ব অথবা কোনে কেতিয়া আউট হ'ব তাক লৈ চলে বৃহৎ টকাৰ জুৱা l
শীৰ্ষ খেলুৱৈৰ ওপৰত গুৰুত্ব দি এনে জুৱা চলাই আহিছে ধৃত ব্যক্তি কেইগৰাকীয়ে l বিশেষকৈ কেইটামান বিশেষ এপ্লিকেচন (application) ৰ জৰিয়তে চলে এই আই পি এল জুৱা আৰু বুকী য়ে হোৱাটচএপৰ (whatsap)ৰ জৰিয়তে জালত পেলায় গ্ৰাহকক l বজালীৰ ৰাজা ঘাটৰ তিনি বুকী ছাজিদ হুছেইন, বিকি গোপ আৰু চাইফুল ইছলামক বজালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে বজালী আৰক্ষীয়ে প্ৰকাশ কৰিছে আই পি এল জুৱাৰ বিস্ফোৰক তথ্য l
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ