মহানগৰীত প্ৰতিবেশীৰ আক্ৰমণত নিহত এজন
গুৱাহাটী,১৫ এপ্ৰিল(হি.স.)। বিহুৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীৰ গড়চুকত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। প্ৰতিবেশী দুজন ভাতৃৰ আক্ৰমণত নিহত হয় কৃষ্ণ কলিতা নামৰ এগৰাকী যুৱক। কৃষ্ণ কলিতাক ঘপিয়াই হত্যা কৰা হৈছে। জানিব পৰামতে, দুই ভাতৃ উৎপল দ
মহানগৰীত প্ৰতিবেশীৰ আক্ৰমণত নিহত এজন


গুৱাহাটী,১৫ এপ্ৰিল(হি.স.)। বিহুৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীৰ গড়চুকত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। প্ৰতিবেশী দুজন ভাতৃৰ আক্ৰমণত নিহত হয় কৃষ্ণ কলিতা নামৰ এগৰাকী যুৱক। কৃষ্ণ কলিতাক ঘপিয়াই হত্যা কৰা হৈছে।

জানিব পৰামতে, দুই ভাতৃ উৎপল দাস, নৱজ্যোতি দাস আৰু নিহত কৃষ্ণ কলিতাৰ মাজত কথাৰ কটাকটি হৈছিল। তিনিওৰে মাজত সামান্য কথাতে তৰ্ক বিতৰ্ক হৈছিল। পিছত অধিক উত্তেজিত হৈ দুই ভাতৃ ডেগাৰেৰে ঘপিয়াই কৃষ্ণ কলিতাক হত্যা কৰে। ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী।হত্যাকাৰী ভাতৃদ্বয়ক আটক কৰি আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande