চিৰাং, ১৪ এপ্ৰিল (হি.স.): চিৰাং আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ কৰো হৈছে। চিৰাং জিলাৰ চাপাগুৰীৰ চাৰিআলিত যোৱাকালি দেওবাৰে সন্ধিয়া কাজলগাঁও থানাৰ আৰক্ষী বিষয়া ৰিতুল মনি দাসৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত চলা অভিযানত দুটা চাবোন বাকচ ভৰ্তি ড্ৰাগছৰ সৈতে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ শিৰাজুল হক নামৰ এজনক গ্ৰেপ্তাৰ কৰে কৰিবলৈ সক্ষম হয়।
ধৃত লোকজনৰ পৰা নগদ ২৭৬০০ টকাও জব্দ লগতে বাইক জব্দ কৰে আৰক্ষীয়ে। বৰ্তমান চিৰাঙৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্য়াহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ