বঙাইগাঁও, ১২ এপ্ৰিল (হি.স.): বঙাইগাঁও আৰক্ষীৰ জালত পৰিছে ভূটানৰ দুই হত্যাকাৰী ব্যক্তি। যোৱাকালি শুকুৰবাৰে সন্ধিয়া আটক হোৱা এই দুই হত্যাকাৰীৰ নাম হৈছে ক্ৰমে থেনৰাপ লেপচা ওৰফে সুভাষ প্ৰধান আৰু কৃষ্ণ প্ৰসাদ অধিকাৰী। অভিযোগ মতে এই ব্যক্তিদ্বয়ে শিলেৰে থেতেলিয়াই হত্যা কৰিছিল টেগ বাহাদুৰ ঘালে নামৰ লোকজনক।
উল্লেখ্য যে ২৭ মাৰ্চত বঙাইগাঁৱৰ ৰাখালডুবি সংযোগী আই নৈৰ দলঙৰ তলত উদ্ধাৰ হৈছিল ভূটানৰ নাগৰিক টেগ বাহাদুৰ ঘালে ওৰফে জেমছৰ মৃতদেহ। বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ভি এছ ভাইপেইৰ ক্ষীপ্ৰ তদন্তত শিহৰণকাৰী এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ভূটানৰ নাগৰিক হত্যাকাণ্ড ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিয়ে বঙাইগাঁও আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ