কাছাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ, দুই কোটি মূল্যৰ ড্ৰাগছ জব্দ
কাছাৰ, ১৪ এপ্ৰিল (হি.স.)। কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে চাৰিটা সফল অভিযান চলাই ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষী অধীক্ষক নোমল মাহতোৰ নেতৃত্বত এই ব্যৱস্থা গ্ৰহণ কৰে। সোমবাৰে আৰক্ষী অধীক্ষকে জনোৱা মতে, সোণাইত ৭৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছ
কাছাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ, দুই কোটি মূল্যৰ ড্ৰাগছ জব্দ


কাছাৰ, ১৪ এপ্ৰিল (হি.স.)। কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে চাৰিটা সফল অভিযান চলাই ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষী অধীক্ষক নোমল মাহতোৰ নেতৃত্বত এই ব্যৱস্থা গ্ৰহণ কৰে।

সোমবাৰে আৰক্ষী অধীক্ষকে জনোৱা মতে, সোণাইত ৭৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক। আন এক অভিযানত কালাইনত ১৪৯ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। একে সময়তে ছাইদপুৰত ১৭৭ গ্ৰাম হেৰ’ইনসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ উপৰিও শিলচৰত ১২ গ্ৰাম ড্ৰাগছসহ ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে কয় যে এই ধাৰাবাহিক কাৰ্য্যই ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতিক প্ৰতিফলিত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ‘ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ’ অভিযান সবলভাৱে আগবঢ়াই নিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande