ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত মাৰপিটৰ ঘটনা
ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত মাৰপিটৰ ঘটনা।
ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত মাৰপিটৰ ঘটনা


নগাঁও, ০১ এপ্ৰিল (হি.স.): ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত যোৱা কালি সোমবাৰে সন্ধিয়া মাৰপিটৰ ঘটনা সংঘটিত হয়।ছোৱালীক অশালীন মন্তব্য কৰাক লৈ সৃষ্টি হয় এই মাৰপিট। কালিস্থান স্থিত এখন অভিজাত ৰেষ্টুৰেণ্ট নমস্তে ইণ্ডিয়াত সংঘটিত হয় এই মাৰপিটৰ ঘটনা।

আৰ্কা অভয়াৰণ্য ৰিজৰ্ট (Arka Sanctuary Resort) নমষ্টে ইণ্ডিয়াৰ ভিতৰত একাংশ স্থানীয় যুৱকে ৰেষ্টুৰেণ্টলৈ অহা যুৱতীক অশালীন মন্তব্য কৰাত বাধা দিবলৈ যোৱা লোকৰ ওপৰত জপিয়াই পৰে ২০-৩০জনীয়া এটি দলে। এই উদণ্ড যুৱকৰ দলৰ আক্ৰমণত কাৱৈমাৰীৰ আব্দুল হান্নানসহ ৭ জনকৈ লোক আহত হয় বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ যুৱতী সকলৰ লগতে আহত হোৱা লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।আমবাগান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ভিতৰি ভিতৰি চেপা উত্তেজনা অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande