চিৰাং, ০২ এপ্ৰিল (হি.স.)। চিৰাং জিলাৰ ১ লাখ লোকৰ স্বাস্থ্য পৰীক্ষা তথা স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে কাজলগাঁৱত স্বাস্থ্য বিভাগৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ শুভাৰম্ভ। আগন্তুক সময়ত জিলা খনৰ ৬৪ খন ভিচিডিছি আৰু চহৰ অঞ্চল সামৰি অনুষ্ঠিত হব এই স্বাস্থ্য আৰু কল্যাণ শিবিৰ।
আজি উত্তৰ কাজলগাঁৱৰ ৬৯ নং এল পি স্কুলত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰি জিলা আয়ুক্ত যতীন বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এই স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰি প্ৰত্যেক খন ভিচিডিছিৰ ২ হেজাৰ কৈ লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে স্বাস্থ্য বিভাগে।
জিলা খনৰ ৬৪ খন ভিচিডিছিত এই স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হলে চিৰাঙৰ প্ৰায় এক লাখ লোকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা সেৱা লাভ কৰিবলৈ সক্ষম হব। ইতিমধ্যে জিলা খনৰ জন সাধাৰণৰক সচেতন কৰাৰ উদ্দেশ্য মাইকিঙৰ লগতে প্ৰত্যেক খন ভিচিডিছিৰ বিষয়ববীয়া সকলক স্বাস্থ্য পৰীক্ষা সন্দৰ্ভত প্ৰচাৰ চলোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে জিলা আয়ুক্ত যতীন বৰাই।
উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য বিভাগৰ কৰ্মী, হংস ফাউণ্ডেশ্যন, আশাকৰ্মী, আদি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু