দৰং, ০৭ এপ্ৰিল (হি.স.)। দৰং জিলাৰ ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পুৱতি নিশা সংঘটিত এই পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে মিনি ট্ৰাকৰ চালক এজন।
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গৈ পদপথৰ খুটাত খুন্দা মাৰিলে মিনি ট্ৰাকখনে। নিয়ন্ত্ৰণ হেৰুৱাই পদপথত দুৰ্ঘটনাগ্ৰস্ত হৈছে মিনি ট্ৰাক খন। ট্ৰাকখনে খুণ্ডা মৰাৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা