মানকাচৰ, ০৯ এপ্ৰিল (হি.স.)। ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আটক আমছু কৰ্মী ।মানকাচৰত প্ৰায় ২৫ জনকৈ আমছু কৰ্মীক আটক কৰে আৰক্ষীয়ে।আজি আমছুৰ উদ্যোগত গুৱাহাটীৰ চচলত ৱাকফ আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।মানকাচৰৰ পৰা আমছু কৰ্মীয়ে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰায় ২৫ জন কৈ আমছু কৰ্মী আটক কৰে।
মানকাচৰ আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ কৰিবলৈ গৈ আটক হ'ল আমছু কৰ্মী ।উল্লেখ্য যে ৱাকফ সংশোধনী বিধেয়ক বিল প্ৰথমে লোকসভা আৰু পিছত ৰাজ্যসভাত পাছ হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে চহী কৰাৰ পিছতেই আইনত পৰিণত হয়।কেন্দ্ৰীয় চৰকাৰে এই আইনক লৈ ইতিমধ্যে গেজেট জাৰি কৰিছে।এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মানকাচৰৰ দিয়াৰা বজাৰৰ পৰা মানকাচৰ আৰক্ষীয়ে আটক কৰে আমছু কৰ্মীক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ