গুৱাহাটী, ০৯ এপ্ৰিল (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৬০-মিটাৰ বো ষ্ট্ৰিং গাৰ্ডাৰ সফলভাৱে স্থাপনৰ জৰিয়তে পাণবজাৰত নতুন ৰোড অভাৰ ব্ৰীজ (আৰঅ'বি) নিৰ্মাণত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই গুৰুত্বপূৰ্ণ কাৰ্যটো ৮ এপ্ৰিল ২০২৫ ৰ নিশা ৩ঘণ্টাৰ ট্ৰেফিক ব্লকৰ সময়ত নিখুঁতভাৱে সম্পাদন কৰা হয়।
এবাৰ নতুন ৰোড অভাৰ ব্ৰীজখন সম্পূৰ্ণ হোৱাৰ পিছত, ১৯৬৫ চনত নিৰ্মিত এই সেঁতুখনৰ পূৰণি গাঁথনিটো সলনি হব, যি খন ইতিমধ্যে ভাঙি পেলোৱা হৈছে। দীৰ্ঘদিন ধৰি পুৰণি ৰোড অভাৰ ব্ৰীজখনে গাঁথনিগত আৰু যান বাহনৰ পৰিচালনত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছিল। সীমিত উলম্ব আৰু আনুভূমিক ক্লিয়াৰেন্সৰ সৈতে, পুৰণি সেঁতুখনে ঘন্টাত ১৫ কিমি স্থায়ী গতিবেগৰ সীমাবদ্ধতাৰ জৰিয়তে বৈদ্যুতিক ৰেল ইঞ্জিনৰপৰিচালনকবাধা প্ৰদান কৰা ডেড ৱায়াৰ জোন সৃষ্টি কৰিছিল। লগতে, ধাৰাসাৰ বৰষুণৰ সময়ত প্ৰায়েই পানী জমা হোৱাৰ ফলত নিকটৱৰ্তী ৰেল চলাচল আৰু যাত্ৰী সেৱা অধিক ব্যাহত হৈছিল। এই সীমাবদ্ধতাসমূহ দূৰ কৰাৰ বাবে নিৰ্মাণ কৰা, নতুন ৬০মিটাৰ স্প্যানৰসেঁতুখনে বৰ্ধিত ক্লিয়াৰেন্স নিশ্চিত কৰিব, গতিবেগৰ সীমাবদ্ধতা দূৰ কৰিব আৰু বৈদ্যুতিক ইঞ্জিনৰ বাধাহীন গতিবেগ সুচল কৰি তুলিব। ৰে'লৱে ট্ৰেকৰ উচ্চতা বৃদ্ধিৰ ফলত পানী জমা হোৱাৰ সমস্যা হ্ৰাস হ'ব আৰু বাৰিষাৰ সময়ছোৱাতো ৰে'ল পৰিচালন সুচাৰুৰূপে চলিব।
কাৰিকৰী উন্নীতকৰণৰ উপৰিও, প্ৰকল্পটোৱে অতিৰিক্ত প্লেটফৰ্ম আৰু আধুনিক যাত্ৰী সা-সুবিধাৰ পথ প্ৰশস্ত কৰিগুৱাহাটী ষ্টেচন য়াৰ্ডনতুনকৈনিৰ্মাণত এক কৌশলগত ভূমিকা পালন কৰিব। পূৰ্বৰ দুই-লেনযুক্ত কনফিগাৰেচনৰ পৰা উন্নীত কৰা নতুন বহলতিনি লেনযুক্ত কেৰেজৱেই পথৰ ভিৰ হ্ৰাস কৰাৰ লগতে নগৰীয়া যান-বাহনৰ চলাচলসুগম কৰিব।
অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰৰ ওচৰত স্থান সম্পৰ্কীয় সীমাবদ্ধতাই সামগ্ৰী সংৰক্ষণ আৰু লজিষ্টিকপ্ৰভাৱিত কৰা স্বত্বেও, প্ৰকল্পটোৰ নিৰ্মাণ আজিলৈকে ক্ৰমান্বয়ে আগবাঢ়িছে। মুখ্য সাফল্যসমূহৰ ভিতৰত আছে দীৰ্ঘম্যাদী স্থায়িত্ব আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে বুনিয়াদী গাঁথনিসম্পূৰ্ণ কৰা, বো ষ্টিং গাৰ্ডাৰৰ নিৰ্মাণ আৰু পজিছনিং ওজিঅ’ চেল প্ৰযুক্তিৰ জৰিয়তে উন্নতচাব-চইল মজবুত কৰণ।
অনুমোদিত সংস্থাসমূহৰ দ্বাৰা নিয়মীয়া পৰিদৰ্শনে সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াটোত উন্নত মানদণ্ড আৰু মানসম্পন্ন সুৰক্ষা বাহাল ৰাখিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ব্যক্তিগতভাৱে প্ৰকল্পটোৰ অগ্ৰগতি পৰ্যালোচনাকৰি বিষয়াবৰ্গক সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। সফলভাৱে গাৰ্ডাৰ স্থাপনৰ সৈতে, এই আৰঅ'বি প্ৰকল্পটোৱে এতিয়া ইয়াৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে, যি গুৱাহাটীত ৰে'ল আৰু পথ সংযোগ উভয়কে যথেষ্ট সমৃদ্ধ কৰিবলৈ সাজু হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী