প্ৰথমজাক বৰষুণে বিপদত পেলাইছে পথচাৰীক
কামৰূপ, ০৯ এপ্ৰিল (হি.স.)। দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য৷ এজাক বৰষুণতে পথচোৱা হৈ পৰিছে বোকাময়৷ চাৰিচকীয়া বাহনতো দুৰৰ কথা দুচকীয়া বাহনেই লৈ যাৱ লাগে ঠেলি ঠেলি৷ বোকাময় পথচোৱাত যাতায়তৰ ক্ষেত্ৰত হৈ পৰিছে যমৰ যান্ত্ৰনা৷ বৃহত্ত
প্ৰথমজাক বৰষুণে বিপদত পেলাইছে পথচাৰীক


কামৰূপ, ০৯ এপ্ৰিল (হি.স.)। দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য৷ এজাক বৰষুণতে পথচোৱা হৈ পৰিছে বোকাময়৷ চাৰিচকীয়া বাহনতো দুৰৰ কথা দুচকীয়া বাহনেই লৈ যাৱ লাগে ঠেলি ঠেলি৷

বোকাময় পথচোৱাত যাতায়তৰ ক্ষেত্ৰত হৈ পৰিছে যমৰ যান্ত্ৰনা৷ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথচোৱাত ঠায়ে ঠায়ে হৈ পৰিছে পুখুৰী সদৃশ৷কৰোবাত যদি একাঠু পানী, আন কৰোবাত আকৌ বোকা৷পথ নিৰ্মানত অতি নিম্নমানৰ কাম হোৱাৰ বাবে যমৰ যাতনা ভুগিবলগা হৈছে ৰাইজে ৷পথছোৱাৰে দৈনিক হাজাৰ হাজাৰ জনসাধাৰণে মৰণক শৰণ দি দৈনন্দিন জীৱনত বিভিন্ন কাৰনত যাতায়ত কৰিবলগীয়া হয় ৷ অতিশীঘ্ৰে পথচোৱা মেৰামতি কৰি যাতায়তৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে ৰাইজে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande