দৰং, ০৭ এপ্ৰিল (হি.স.)। অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ ৰঙালী বিহুলৈ এটা সপ্তাহ বাকী থকা অৱস্থাত ঢোল-পেপাঁৰ মাতে মুখৰিত হৈ পৰিছে আকাশ-বতাহ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ছিপাঝাৰৰো বিভিন্ন ঠাইত চলি আছে বিহুনাচ, ঢোলবাদনৰ প্ৰশিক্ষণ-কৰ্মশালা।
সমান্তৰালভাৱে ছিপাঝাৰ বন্দনা ডান্স একাডেমীৰ উদ্যোগতো অনুষ্ঠিত হৈছে ছদিনীয়া প্ৰশিক্ষণ-কৰ্মশালা। অঞ্চলটোৰ আঢ়ৈশ শিশু আৰু যুৱক-যুৱতীয়ে অংশ লৈছে এই কাৰ্যসূচীত। ঢোল-পেপাঁৰ মাতত ৰজনজনাই আছে অঞ্চলটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা