মিছা প্ৰলোভন দি হিন্দু যুৱতীক বিয়া দিয়াৰ অভিযোগ, আৰক্ষী প্ৰশাসনৰ শৰণাপন্ন
কোকৰাঝাৰ, ০৭ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত এগৰাকী হিন্দু ধৰ্মীয় যুৱতীক ভনীয়েক সজাই মুছলমান যুৱক দুজনে চক্ৰান্ত মূলক ভাবে বিয়া দিয়াৰ গুৰতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ফকিৰাগ্ৰাম মাগুৰমাৰী দাসপাৰাত এজনী হিন্দু যুৱতীক একেখন গ
মিছা প্ৰলোভন দি হিন্দু যুৱতীক বিয়া দিয়াৰ অভিযোগ, আৰক্ষী প্ৰশাসনৰ শৰণাপন্ন


কোকৰাঝাৰ, ০৭ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত এগৰাকী হিন্দু ধৰ্মীয় যুৱতীক ভনীয়েক সজাই মুছলমান যুৱক দুজনে চক্ৰান্ত মূলক ভাবে বিয়া দিয়াৰ গুৰতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ফকিৰাগ্ৰাম মাগুৰমাৰী দাসপাৰাত এজনী হিন্দু যুৱতীক একেখন গাঁৱৰে নুৰ আমিন আৰু বিলাসী পাৰা আন্দুৰ ঝাৰৰ জলিল সেখ নামৰ ব্যক্তি দুজনে চক্ৰান্ত মূলক ভাৱে কাজল কুমাৰ ভূঞা নামৰ সন্দেহ জনক ব্যক্তি এজনৰ লগত চক্ৰান্ত মূলক ভাবে বিয়া দিয়ে।

ইফালে বিয়া কৰোৱৰ পিছতে যুৱক জন অন্তৰ্ধান হয় আৰু মোবাইল ফোন বন্ধ কৰি ৰাখে। যুৱতীগৰাকীয়ে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। পিছত জলিল সেখৰ পুত্ৰই যুৱতী গৰাকীক ফকিৰাগ্ৰামৰ বাস ভৱনত ৰাখি থৈ যায়। উপায়ন্তৰ হৈ যুৱতী গৰাকীয়ে সংবাদ মাধ্যমৰ কাষ চপাৰ লগতে আৰক্ষী প্ৰশাসনৰো শৰণাপন্ন হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande