ধুবুৰী, ০১ এপ্ৰিল (হি.স.): ঈদৰ আনন্দ-উলাহৰ মাজত চাপৰ টিলাপাৰাত যোৱা কালি সোমবাৰে বিয়লি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। টিলাপাৰা বজাৰত অ'টো ভাড়াক কেন্দ্ৰ কৰি সৃষ্টি হয় কুৰুক্ষেত্ৰৰ। মাৰপিটত গুৰুতৰ ভাবে আহত হয় এজন লোক।
সামান্য অ'টো ভাড়ালৈ চিৰাকুটা আৰু টিলাপাৰাৰ লোকৰ মাজত সৃষ্টি হৈছিল এই ভয়ংকৰ মাৰপিটৰ ঘটনা। সংকটজনক অৱস্থাত এজনক চাপৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে। এই মাৰপিটৰ ঘটনাত কম বেছি পৰিমাণে আঘাত প্ৰাপ্ত হৈছে দুয়ো পক্ষৰ কেইবাজনো লোক। সংকটজনক অৱস্থাত থকা ব্যক্তিজনৰ নাম আজিবৰ হুছেইন বুলি জানিব পৰা গৈছে। আজিবৰৰ ঘৰ আলুভূইৰ তিনটিলাত। ঘটনাৰ পিছত উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে ভাড়া লৈ বিতৰ্কৰ সৃষ্টি হোৱা অ'টোখন। এই ভয়ংকৰ মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত তিনিজনক আটক কৰিছে চাপৰ শালকোচা আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ