কোকৰাঝাৰ, ৩১ মাৰ্চ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বদলা গাওঁ নিবাসী সমাজকৰ্মী ব্যবস্যায়ী তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ বৰ্মনে আজি কোকৰাঝাৰ চহৰত থকা দলৰ জিলা সমিতিৰ কাৰ্যালয়ত দ'ল ত্যাগৰ পত্ৰ জমা দিয়ে। নেতা জনে প্ৰকাশ কৰা অনুসৰি ই এম অৰূপ কুমাৰ দেই দলৰ কোকৰাঝাৰ জিলা সমিতিৰ ভিতৰত একনায়কত্ব চলাই আছে। দলৰ পুৰণি নেতা কৰ্মীক দলত গুৰুত্বহীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। দিলীপ কুমাৰ বৰ্মনৰ দল ত্যাগৰ ঘটনাই বিজেপি দলৰ ভিতৰত জোকাৰণিৰ সৃষ্টি কৰিব। বগা হিচাপে পৰিচিত দিলীপ কুমাৰ বৰ্মন পূৰ্বে পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। তেনে এজন শক্তিশালী নেতাৰ বিজেপি দ'ল ত্যাগ কৰা ঘটনাই দলৰ ভিতৰত খহনীয়াৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ