নগাঁও, ৩১ মাৰ্চ (হি.স.)। ঈদৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত এজন বৃদ্ধ । চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । গুৰুতৰ ভাৱে আহত বৃদ্ধজনৰ নাম গিয়াছ উদ্দিন, ঘৰ ধিঙৰ শলগুৰিত । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহী জনৰ নাম আশ্ৰাফুল ইছলাম । ধিং এফ আৰ ইউত সংকট জনক অৱস্থাত গিয়াছ উদ্দিন নামৰ বৃদ্ধজনক ভৰ্তি কৰা হয় যদিও চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ