ৰাজ্যজুৰি পৱিত্ৰ ঈদৰ উলহ মালহ পৰিৱেশ–মাহজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বীসকলৰ জাকজমকতাৰে ঈদ উল ফিতৰ পালন
গুৱাহাটী, ৩১ মাৰ্চ (হি.স.)। আজি পবিত্ৰ ঈদ-উল-ফিতৰ উৎসৱ। মাহজোৰা উপবাস (ৰোজা)ৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ। আগদিনা আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ উৎসৱটে
মহানগৰীত ঈদৰ সমূহীয়া নামাজ


গুৱাহাটী, ৩১ মাৰ্চ (হি.স.)। আজি পবিত্ৰ ঈদ-উল-ফিতৰ উৎসৱ। মাহজোৰা উপবাস (ৰোজা)ৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ। আগদিনা আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ উৎসৱটোক লৈ উলহ মালহৰ পৰিৱেশ সৃষ্টি হয়। ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাকলৈ সকলো ঈদগাহ ময়দান, মছজিদত সমূহীয়া নামাজৰ আয়োজন কৰাৰ লগতে পালন কৰে ঈদ। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

অকল ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগ লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বাণী বিলাই উদযাপন কৰে পবিত্ৰ ঈদ-উল-ফিতৰ। বৰপেটা, নগাঁও, দৰং, কাছাৰ, হাইলাকান্দি, ডিব্ৰুগড়, যোৰহাটকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত তথা ৰাজধানী চহৰ গুৱাহাটীতো মহা উলহ মালহেৰে পালন কৰা হৈছে ঈদ। মহানগৰীৰ মাছখোৱা ঈদগাহ ময়দান, বুঢ়া জামে মছজিদ, সিজুবাৰী, কটাবাৰী, গাড়ীগাঁৱৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত থকা মছজিদ সমূহত আজি ইছলামধৰ্মাৱলম্বী লোকসকলে সমূহীয়া নামাজ আদায় কৰাৰ লগতে ৰাজ্য খনৰ শান্তি সমৃদ্ধিৰ বাবে দোৱা কৰে।

ঈদ-উল-ফিতৰ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ঈদগাহ, মছজিদ, দৰগাহসমূহ সুন্দৰকৈ সজাই তোলা হয় । ঈদ উপলক্ষে মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাজপথসমূহো ৰং বিৰিঙৰ লাইট, কাগজেৰে সজাই-পৰাই তোলা হয় । শান্তি আৰু ভাতৃত্ববোধৰ বার্তা লৈ সোমবাৰে সমগ্র ৰাজ্যতে উদযাপন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্র ঈদ-উল-ফিতৰ উৎসৱ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande