গুৱাহাটী, ৩১ মাৰ্চ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ থানাই গ্ৰেপ্তাৰ কৰে দুই চেইনচোৰ ক্ৰমে কিশোৰ মেধি ওৰফে চিন্টু (৪৬) আৰু আমিৰ আলী (৩৭)ক। অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়াই সোমবাৰে জনোৱা মতে, চেইন চুৰি কাৰ্য্যত ব্যৱহৃত এএচ-০১এফএন-৯৬৪১ নম্বৰৰ স্কুটিখনো আৰক্ষীয়ে জব্দ কৰিছে।
জেৰাৰ সময়ত দুয়োজনে গুৱাহাটী মহানগৰীত সংঘটিত কেইবাটাও চুৰিৰ ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰে। ইফালে চোৰদুটাই মহানগৰীৰ ভিন্ন স্থানত চুৰি কৰি নিয়া সোণৰ চেইন সমূহ জলপাইগুৰি (পশ্চিম বংগ) নিবাসী দীপাংকৰ কৰ্মকাৰ ওৰফে বাবু (৪২)ৰ হাতত তুলি দিয়া বুলিও স্বীকাৰ কৰে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়েও তেওঁকো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰকেইটাক সোধপোচ অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী