ধুবুৰী, ০২ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ জালত পৰিচে আমিনুৰ বেপাৰী নামৰ ড্ৰাগছ মাফিয়াজন। বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন ছুগাৰ সহ আটক কৰিলে গোলোকগঞ্জ আৰক্ষীয়ে।
উল্লেখ্য যে যোৱাকালি মঙলবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত চলাইছিল অভিযান। অভিযানত গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে ড্ৰাগছ মাফিয়া আমিনুৰ বেপাৰীক। আৰক্ষীয়ে ড্ৰাগছ মাফিয়া মাফিয়া আমিনুৰ বেপাৰীৰ পৰা উদ্ধাৰ কৰে ১০ টাকৈ ব্ৰাউন ছুগাৰৰ কন্টেইনাৰ। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় ১০.৭৭ গ্ৰাম। ধৃত ড্ৰাগছ মাফিয়া মাফিয়া আমিনুৰ বেপাৰী গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ মন্টু বেপাৰী নামৰ লোকজনৰ পুত্ৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ