বিশ্বনাথ, ০৭ এপ্ৰিল (হি.স.): বিশ্বনাথ জিলাৰ চতিয়াত য়োৱাকালি দেওবাৰে সন্ধিয়াৰ ভাগত অবৈধ্য সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে৷ অভিযানত জব্দ কৰা হয বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ লক্ষাধিক টকা মূল্যৰ অবৈধ্য সুৰা সহ এজন লোকক আটক কৰা হৈছে ৷
চতিয়া আৰক্ষী আৰু ইটাখোলা আৰক্ষীৰ যুটীয়া অভিযানত নিশা চতিয়াৰ ৩নং বালাবাৰীত চলিছিল এই অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ সুৰাসহ আটক কৰিছে বিস্তি বসুমতাৰী নামৰ অবৈধ্য সুৰা বেপাৰীটোক ৷ অসমত বিভিন্ন স্থানলৈ সৰবৰাহ কৰিবলৈ লোকজনৰ ঘৰত মজুত কৰি ৰাখিছিল অবৈধ্য সুৰা খিনি। চতিয়া আৰক্ষী আৰু ইটাখোলা আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই অৰুণাচলি সুৰা জব্দ কৰিছে যদিও এতিয়াও দুষ্ট চক্ৰটোৱে অৰুণাচলী সুৰা সৰবৰাহ কৰি আহিছে।
অসমত অৰুণাচলি সুৰা বিক্ৰীৰ ফলত অসম চৰকাৰে বুজন পৰিমাণৰ ৰাহজ হেৰুৱাব লগা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ