মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে এজন।
মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


দক্ষিণ শালমাৰা মানকাচৰ, ০৬ এপ্ৰিল (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং পুৱেৰ গাঁৱত যোৱা কালি শনিবাৰে বিয়লি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী, উপ পৰিদৰ্শক পূজা হাজৰিকা‌, উপ পৰিদৰ্শক নয়ন জ্যোতি গগৈ আৰু মানকাচৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত প্ৰায় ৬০ লাখ টকাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে এজনক আটক কৰে।আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন মানকাচৰ পূবেৰ গাওঁৰ আমিৰুল ইছলাম বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।ইয়াবা টেবলেটৰ লগতে নগদ ২৮, ৫০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে।

আৰক্ষীৰ জেৰাৰ পিছত মুখ খুলিছে অভিযুক্ত আমিৰুল ইছলামে । দীৰ্ঘ দিনৰ পৰাই ড্ৰাগছৰ লগত জড়িত থকা বুলি আৰক্ষীৰ আগত‌ স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande