ঢোল পেঁপাৰ মাতে ৰজনজনাই আছে সৰুপথাৰৰ বতাহ
গোলাঘাট, ৩১ মাৰ্চ (হি.স.)। হেপাহৰ ৰঙালীক আদৰিবলৈ সাজু এজাক কনমানি আৰু গাভৰু । ঢোল পেঁপাৰ মাতে ৰজনজনাই আছে সৰুপথাৰৰ বতাহ । ''অতি কৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকো''।হয়, বহাগলৈ মাজত মাথ
ঢোল পেঁপাৰ মাতে ৰজনজনাই আছে সৰুপথাৰৰ বতাহ


গোলাঘাট, ৩১ মাৰ্চ (হি.স.)। হেপাহৰ ৰঙালীক আদৰিবলৈ সাজু এজাক কনমানি আৰু গাভৰু । ঢোল পেঁপাৰ মাতে

ৰজনজনাই আছে সৰুপথাৰৰ বতাহ ।

''অতি কৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকো''।হয়, বহাগলৈ মাজত মাথো আৰু কেইটামান দিন । হেপাহৰ ৰঙালীক আদৰিবলৈ সাজু সৰুপথাৰৰ এজাক কনমানি। সৰুপথাৰ সমজিলাৰ নাওজানত দহ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মুকলি বিহুৰ লগত সঙ্গতি ৰাখি নাওজান আঞ্চলিক ছাত্ৰ সন্থাই নাওজানবাসী ৰাইজৰ সহযোগত দহদিনীয়াকৈ অনুষ্ঠিত কৰিছে এই কৰ্মশালাৰ।২৫ মাৰ্চৰ পৰা ৩ এপ্ৰিলৈকে অনুষ্ঠিত হব লগা এই কৰ্মশালাত মুখ্য অতিথি প্ৰশিক্ষক হিচাপে আছে ৰাধিকা ৰাণী শইকীয়া। লগতে আছে আন কেইবাজনো বিশিষ্ট প্ৰশিক্ষক। নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপত বিহু কৰ্মশালাৰ আয়োজন ।ঢোল পেঁপাৰ তালে তালে ককাল ঘুৰাই নাচিচে এজাক কনমানিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande